কেন্দ্ৰই এটা সমাধান দিয়ক আমি আদৰি ল’মঃ পীয়ুষ হাজৰিকা

ডিজিটেল ডেস্কঃ অসম-মিজোৰামৰ সীমান্ত সমস্যা সন্দৰ্ভত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মন্তব্য৷ তেওঁ কয় যে, এই সমস্যাৰ স্থায়ী আৰু শান্তিপূ্ৰ্ণ সমাধান বিচাৰে অসমে৷ মিজোৰামৰ পদক্ষেপক চৰকাৰে সন্মান জনাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে, মিজোৰামৰ বিৰুদ্ধে তৰা গোচৰ উঠাই লোৱা হ’ব৷

তেওঁ আৰু কয় যে অসমৰ মাটি অসমৰেই হৈ থকাতো চৰকাৰে বিচাৰিছে৷ কেন্দ্ৰই এইক্ষেত্ৰত দিয়া সিদ্ধান্তক আদৰি ল’ব চৰকাৰে৷ মিজোৰামৰ বিৰুদ্ধে অসম চৰকাৰে পথ অৱৰোধ কৰা নাই, ৰাইজেহে কৰিছে৷ আৱেগিক হৈ ৰাইজেহে অৱৰোধ কৰিছে৷ মিজোৰাম ভাৰতৰ অংশ, অসমো ভাৰতৰ অংশ বুলি তেওঁ লগতে কয়৷

AssamDA News PlusMinisterPijush Hazarika
Comments (0)
Add Comment