অৱশেষত সেও মানিলে মিজোৰামে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তৰা গোচৰ প্ৰত্যাহাৰ মিজোৰাম আৰক্ষীৰ ৷

অৱশেষত সেও মানিলে মিজোৰামে ৷ লাইলাপুৰৰ সমগ্ৰ ঘটনাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মিজোৰাম আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল। সেই গোচৰ অৱশেষত প্ৰত্যাহাৰ কৰিছে মিজোৰাম আৰক্ষীয়ে ৷ সীমান্তত সংঘৰ্ষৰ পিছত মিজোৱে দাখিল কৰিছিল গোচৰ ৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰুজু কৰিছিল হত্যাৰ অপচেষ্টা চলোৱাৰ গোচৰ ৷

মুখ্যমন্ত্ৰীৰ উপৰি ৪জন আৰক্ষী বিষয়া, ২জন আমোলাৰ বিৰুদ্ধেও ৰুজু হৈছিল গোচৰ ৷ ইপিনে, মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে বিশেষ আহ্বান জনাইছে মিজো জনতাক ৷ ছ’চিয়েল মিডিয়াত সংবেদনশীল উত্তেজক মন্তব্য নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ ৷ পৰিস্থিতি অধিক বেয়ালৈ নাযাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ ৷

ইপিনে, মিজোৰামৰ প্ৰসংগক লৈও মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ মিজোৰামৰ মুখ্যমন্ত্ৰীৰ সৈতে অব্যাহত আছে টেলিফোনিক বাৰ্তালাপ ৷

AssamCMDA News PlusFIRMizoramPolice
Comments (0)
Add Comment