বিজুলী ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰ্যালোচনা বৈঠক

বিজুলী ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰ্যালোচনা বৈঠক। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীগৰাকীৰ। ২০২০ বৰ্ষত সংগ্ৰহ ৪২০ কোটি টকাৰ ৰাজহ৷ চলিত বৰ্ষত বৰ্তমানলৈকে ৰাজহ সংগ্ৰহ ৫০৪ কোটি টকা। ৰাজহ সংগ্ৰহ এই বৰ্ষত প্ৰায় ১০০ কোটি টকা বৃদ্ধি। ২০২০-২১ৰ জুলাইৰ ভিতৰত প্ৰায় ৩০০ কোটি টকা বিদ্যুৎ বিভাগৰ ৰাজহ বৃদ্ধি পালে।

মুখ্যমন্ত্ৰীয়ে জনায় যে, চৰকাৰে দৰিদ্ৰ লোক আৰু চাহ শ্ৰমিকৰ অনাদায় বিলৰ কোনো সুদ নলয়৷ দিবলগীয়া বিল ১০টা কিস্তিত দিব পাৰিব। APDCLৰ নিযুক্তি সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ মন্তব্য৷ ১,৬০০ নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা APDCL পৰীক্ষাৰ ফলাফল শীঘ্ৰে ঘোষণা কৰা হ’ব৷

মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি এতিয়াও ১০২ কোটি টকাৰ লোকচান হৈ আছে বিদ্যুৎ বিভাগত। জ্যোতিষ্মান অসম আচঁনিৰ অধীনত ৩০ ইউনিটলৈকে বিদ্যুতৰ বিল ৰেহাই দিয়া হ’ব।

DA News PlusHimanta Biswa Sarma
Comments (0)
Add Comment