বঙাইগাঁৱত ক্ৰিকেটৰ অনলাইন জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান৷

ডিজিটেল ডেক্স, বঙাইগাঁও: বঙাইগাঁও আৰক্ষীৰ সফল অভিযান। ক্ৰিকেট অনলাইন জুৱাৰ বিৰুদ্ধে সৰৱ এইবাৰ বঙাইগাঁও আৰক্ষী। বঙাইগাঁও মানিকপুৰত অনলাইন জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত আটক চাৰিজন জুৱাৰী।

জুৱাৰী কেইজন ক্ৰমে কৃষ্ণ মণ্ডল, দেৱানন্দ পাঠক, আকিৱ হুছেইন আৰু গজেন ৰায়। ইতিমধ্যে জুৱাৰী কেইজনৰ লগতে আৰক্ষীয়ে ৫১ হাজাৰ ৫০০ টকা, ৩টাকৈ মবাইল জুৱাত ব্যৱহাৰ হোৱা ডায়েৰীকে ধৰি জব্দ কৰা হয় জুৱাত ব্যৱহাৰ হোৱা বহু সামগ্রী। আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত অনলাইন জুৱাত জৰিত আৰু বহু লোক অতি শীঘ্রেই জালত পৰিব।

Bongaigaon PoliceDA News PlusGambling
Comments (0)
Add Comment