ৰাজপথত ১০৮ এম্বুলেঞ্চ টানিলে ট্ৰেক্টৰে

ডিজিটেল সংবাদ, বোকাখাতঃ এইবাৰ ৰাজপথত ১০৮ এম্বুলেন্স টানিলে টেক্টৰে৷ ৰোগী আনিবলৈ গৈ বোকাময় পথত আবদ্ধ হোৱা এম্বুলেঞ্চ টানিবলগীয়া হ’ল টেক্টৰৰ সহায়ত৷ এই ঘটনা বোকাখাতৰ৷ সমষ্টিটোৰ নিকৰী আৰু কুৰুৱাবাঁহী সংযোগী পথৰ দুৰৱস্থাৰ বাবেই ৰোগী আনিবলৈ গৈ পথটোতে আৱদ্ধ হৈ পৰে এখন ১০৮ এম্বুলেন্স৷

পৰৱৰ্তী সময়ত টেক্টৰৰ সহায়ত ৰচীৰে টানি বোকাৰ মাজৰ পৰা উলিয়াই আনিবলগীয়া হয় এই এম্বুলেন্সখন৷ দুৰ্ভাগ্যজনকভাৱে এম্বুলেঞ্চখনে আনিবলৈ যোৱা ৰোগীজনৰো মৃত্যু হোৱাত অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

AmbulanceBokakhatDA News Plus
Comments (0)
Add Comment