অসম মিজোৰাম সীমান্তৰ ঘটনাক লৈ কি ক’লে বিশ্বজিৎ দৈমাৰীয়ে?

ডিজিটেল সংবাদ, গুৱাহাটী: অসম মিজোৰাম সীমান্তৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। বিধানসভাৰ পৰা এটা প্ৰতিনিধি দল সেই স্থানলৈ পঠোৱা হৈছে ৷ অসম আৰক্ষীয়ে সেই স্থানত সমগ্ৰ পৰিস্থিতি নিৰীক্ষণত ৰাখিছে’৷ কোনো কাৰণতে অসমৰ ভূমি মিজোৰ দখলত যাব নোৱাৰে’।

‘নিয়ম উলংঘা কৰি মিজোৰামে অসম আৰক্ষীক আক্ৰমণ কৰে বুলিও মন্তব্য দৈমাৰীৰ। ‘মিজোৰাম চৰকাৰে অসম আৰক্ষীক ইতিমধ্যে আক্ৰমণ কৰাটো স্বীকাৰ কৰিছে’।

‘ঘটনাস্থলীত CRPFয়ে পৰ্যবেক্ষণ কৰি আছে’। ‘মিজোৰাম আৰক্ষীয়ে যি সমূহ গোচৰ ৰুজু কৰিছে তাৰ কোনো ভিত্তি নাই৷ কিয়নো অসমৰ মুখ্যমন্ত্ৰী অসমতে আছে ৷ আৰক্ষীৰ লোকো অসমৰ ভূমিতে আছে ৷ কোনো লোকক আমি উচতনি দিয়া নাই ৷ অসম আৰক্ষীৰ তদন্ত সঠিক গতিত চলি আছে’ ৷

Assam SpeakerAssam-Mizoram Border ClashBiswajeet Daimary ReacionDA News Plus
Comments (0)
Add Comment