উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ ২৩ টা ডাঙৰ খবৰ একেলগে
উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা। চাওক ২৩ টা খবৰ একেলগে
- কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৫৮,২৪৪গৰাকী।
- দ্বিতীয় বিভাগত উত্তীৰ্ণ ৮৯,৫২০গৰাকী।
- তৃতীয় বিভাগত উত্তীৰ্ণ ৪২,০২৯গৰাকী।
- কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯৮.৯৩ শতাংশ।
- কলা শাখাত ৯৯.৯১% উত্তীৰ্ণৰ হাৰেৰে প্ৰথম স্থানত মাজুলী।
- ৯৯.৮৬ শতাংশৰে কলা শাখাৰ দ্বিতীয় স্থানত দক্ষিণ শালমাৰা।
- ৯৯.৬৯ শতাংশৰে তৃতীয় স্থানত কৰিমগঞ্জ জিলা।
- বিজ্ঞান শাখাত ৩২,৯১৭গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ।
- দ্বিতীয় বিভাগত ৪,৬০৯গৰাকী উত্তীৰ্ণ।
- তৃতীয় বিভাগত ৫৪২গৰাকী উত্তীৰ্ণ।
- বিজ্ঞান শাখাত মুঠ উত্তীৰ্ণৰ হাৰ ৯৯.০৬ শতাংশ।
- বিজ্ঞান শাখাত ১০০ শতাংশৰে ডিমা হাছাও জিলা প্ৰথম স্থানত।
- ৯৯.৮৬ শতাংশ উত্তীৰ্ণৰ হাৰেৰে বাক্সা জিলা দ্বিতীয়।
- ৯৯.৮৩ শতাংশৰে তৃতীয় স্থানত শিৱসাগৰ জিলা।
- বাণিজ্য শাখাত ১১,১৮৯গৰাকীৰ প্ৰথম বিভাগ।
- দ্বিতীয় বিভাগত ৫,৪৯৭গৰাকী উত্তীৰ্ণ।
- তৃতীয় বিভাগত উত্তীৰ্ণ ১,৬৭৮গৰাকী।
- বাণিজ্য শাখাত মুঠ উত্তীৰ্ণৰ হাৰ ৯৯.৫৭ শতাংশ।
- ১৩খন জিলাত ১০০ শতাংশ উত্তীৰ্ণৰ হাৰ বাণিজ্য শাখাত।
- জিলাকেইখন বিশ্বনাথ, চৰাইদেউ, চিৰাং, ধেমাজি।
- ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও।
- নলবাৰী, দক্ষিণ শালমাৰা, ওদালগুৰি আৰু পশ্চিম কাৰ্বি আংলং।
- বাণিজ্য শাখাৰ দ্বিতীয় স্থানত ৯৯.৮৯ শতাংশৰে কামৰূপ (গ্ৰাম্য)।