ইউৰোপিয়ান কমিচনৰ অৰ্থসাহাৰ্যৰে অসম কৃষি বিশ্ববিদ্যালয়ত আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেবিনাৰ

ডিজিটেল সংবাদ, যোৰহাট: অসম কৃষি বিশ্ববিদ্যালয়ৰ ই পৰীক্ষাগাৰ, কৃষি বিজ্ঞান বিশ্ববিদ্যালয় ধানৱাদ আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোগত ২৮ জুলাইত এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেবিনাৰ অনুষ্ঠিত হয়। ইউৰোপিয়ান কমিচনাৰ শিক্ষা, দৃশ্যশ্ৰাব্য আৰু সাংস্কৃতিক কাৰ্যবাহী এজেঞ্চিৰ অৰ্থ সাহাৰ্যৰে এডপ্টনেট কাৰ্যসূচীৰ অধীনত ‘কৃষি আৰু উদ্যোগিক ক্ষেত্ৰত দ্ৰুত জলবায়ু প্ৰযুক্তিৰ প্ৰত্যাহ্বান আৰু প্ৰত্যাশা ‘শীৰ্ষক এই ৱেবিনাৰ কেবাজনো বিদেশী বিশেষজ্ঞই অংশগ্ৰহণ কৰে।

এডপ্টনেট কাৰ্যসূচীৰ ইউৰোপিয়ান সহযোগী অসম কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ-পূৱ কৃষি আৰু জৈৱ প্ৰযুক্তি কেন্দ্ৰ সমন্বয়ত অনুষ্ঠিত ৱেবিনাৰখন শুভাৰম্ভ কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই জলবায়ু পৰিবৰ্তনৰ ধনাত্মক দিশসমূহৰ সদব্যৱহাৰ কৰাৰ লগতে থলুৱা কাৰিকৰী জ্ঞানৰ সম্ভাৱনীয়তাসমূহ চিনাক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এডপ্টনেট এন ই ৰ ভাৰতীয় সমন্বয়ক ড° বিদ্যুত কুমাৰ শৰ্মাই আদৰণি ভাষণত ২৯ গৰাকী কৃষি বিজ্ঞানীয়ে এডপ্টনেট এন ই ৰ অধীনত ইউৰোপত জলবায়ু পৰিবৰ্তিত শিক্ষাৰ ওপৰত বিশেষভাৱে প্ৰস্তুত কৰা মাষ্টাৰ ট্ৰেইনাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ উপৰিও ১৬ গৰাকী ভাৰতীয় শিক্ষাৰ্থীয়ে বৰ্তমানৰ জটিল পৰিৱেশ সুস্থিৰ হ’লেই ইউৰোপ ভ্ৰমণ কৰিব বুলি কয়।

ৱেবিনাৰখনত দ্ৰুত জলবায়ু পৰিবৰ্তনৰ পৰিপ্ৰেক্ষিতত কৃষকৰ পৰ্যায়ত এক পথ নিৰ্দেশনা প্ৰস্তুত কৰি স্বেচ্ছাসেৱী অনুষ্ঠান আৰু বিজ্ঞানভিত্তিক প্ৰতিষ্ঠানসমূহৰ জৰিয়তে এক ৰূপৰেখা তৈয়াৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাত প্ৰাধান্য দিয়া হয়।

ৱেবিনাৰখনত কাৰিকৰী সত্ৰত সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠক, তেজপুৰ বিশ্ববিদ্যালয়ৰ ড° দেবেন্দ্ৰ চন্দ্ৰ বৰুৱা, ধানবাদৰ কৃষি বিজ্ঞান বিশ্ববিদ্যালয়ৰ ড° আই এছ কাটাগিৰি, ভাৰত চৰকাৰৰ জলসম্পদ বিভাগৰ অধীনস্থ বি পি চলিহা আসনৰ প্ৰফেচৰ ড° অৰূপ কুমাৰ শৰ্মাই বক্তব্য আগবঢ়োৱা ৱেবিনাৰখনত ড° চালেন্দ্ৰৰ কুমাৰ, ড° ড্ৰিমিটিয়ছ ভলৌডাকিছ, ড° কাৰ্ল পজি, ড° ডিয়নিছিছেভ জলবায়ু পৰিবৰ্তনৰ অৰ্থসামাজিক ভূমিক, প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা আৰু সেউজ ইন্ধন সম্পৰ্কত আলোকপাত কৰে। এটা বিশেষ চক্ৰত এডপ্টনেটৰ জৰিয়তে প্ৰশিক্ষিত বিজ্ঞানী, এগস্পাৰ্ট টেকনলজিচ প্ৰাইভেট লিমিটেড আৰু স্বেচ্ছাসেৱী অনুষ্ঠান কৃষ্টিৰ কঠীয়াৰ কৰ্মকৰ্তাই অনুভৱ ব্যক্ত কৰে।

Assam Agriculture UniversityDA News PlusInternational lavel web InnerWeb Inner
Comments (0)
Add Comment