এখন মানচিত্ৰই আতংকিত কৰিছে দৰঙৰ ৫খন গাঁৱৰ ৰাইজক

ডিজিটেল সংবাদ, কলাইগাঁওঃ আকৌ অশান্ত হৈ পৰিব নেকি BTR অঞ্চল৷ দৰং জিলাৰ একাংশ অ-জনজাতি বসতি গাঁৱৰ ৰাইজ জাঙুৰ খাই উঠিছে এখন মানচিত্ৰক কেন্দ্ৰ কৰি। মঙলদৈ সমষ্টিৰ পাঁচ খনকৈ অ-জনজাতি গাওঁ BTR অন্তৰ্ভুক্তিৰে ছ’চিয়েল মাধ্যমত প্ৰকাশ পোৱা এখন মানচিত্ৰত উল্লেখ থকা বাবেই গাওঁ কেইখনৰ ৰাইজ শংকিত হৈ পৰিছে।

কিয়নো বিটিআৰৰ বাহিৰত বছৰ বছৰ ধৰি থাকি হঠাৎ এনে ধৰণে বিটিআৰৰ মানচিত্ৰত অন্তৰ্ভুক্ত হোৱা কায্য এক ষড়যন্ত্ৰ আখ্যা দিয়ে উপস্থিত ৰাইজে। উল্লেখযোগ্য যে, কম সংখ্যক জনজাতি লোক থকা ৰামহৰি, অধমাপাৰা, সালৈপাৰা, বেজপাৰা আৰু গেলাইডিঙি গাওঁ কেইখন BTR ত অন্তৰ্ভুক্তিৰ বাবে কোনো চক্ৰান্তকাৰীয়ে গোপনে আবেদন কৰাক লৈ ক্ষোভিত হৈ পৰিছে পাচঁখন কৈ গাঁৱৰ ৰাইজ সকল।

সেয়ে অধমাপাৰাত সভা অনুষ্ঠিত কৰি পাঁচখনকৈ গাঁৱৰ লোক একগোট হৈ ইয়াৰ বিৰুদ্ধে যুজিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাৰ অন্তত বিটিআৰ অন্তৰ্ভুক্তিৰ সিদ্ধান্ত কোনো কাৰণত মানি লোৱা নহ’ব বুলি ক্ষোভিত ৰাইজে মন্তব্য প্ৰকাশ কৰে। আনহাতে অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰক বিষয়টো দৃষ্টি আকৰ্ষণ কৰিবলৈ দাবী জনাই। অন্যথা জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সভাত উপস্থিত থকা ৰাইজে।

BTRDA News PlusDarrang NewsMongoldoi
Comments (0)
Add Comment