ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস পালন

ডিজিটেল সংবাদ, দলগাঁও: ওৰাং ব্যাঘ্ৰ সংৰক্ষিত এলেকাৰ উদ্যোগত বৃহস্পতিবাৰে ব্যাঘ্ৰ দিৱস পালন কৰা হয়। গোলকীয় ব্যাঘ্ৰ দিৱসৰ সৈতে সংগতি ৰাখি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত মুঠ ৩৩ টা বাঘ থকা বুলি জানিবলৈ দিয়ে উদ্যান কৰ্তৃপক্ষই। উক্ত দিৱসৰ লগত সংগতি ৰাখি উপস্থিত দৰং সংমণ্ডলৰ ডি এফ অ প্ৰদীপ্ত বৰুৱাৰ লগতে এছি এফ ৰাজীৱ হাজৰিকা, বনপালক প্ৰানজিৎ ডেকা, জেষ্ঠ সাংবাদিক আব্দুল আজিজ, ছিলবড়ী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন দাস, স্থানীয় ৰাইজ, নেজিব আহমেদ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী সকল আলোচনা সভাত অংশ গ্ৰহণ কৰে।

DA News PlusInternational Tiger DayOrang National Park
Comments (0)
Add Comment