ক’ৰোনাই লগ এৰা নাই গোলাঘাট জিলাৰ

ডিজিটেল সংবাদ, গোলাঘাটঃ ক’ৰোনাৰ Hotspot গোলাঘাট জিলা। কিয় ক’ভিড নিয়ন্ত্ৰণ হোৱা নাই গোলাঘাট জিলাত। এতিয়া সেই প্ৰশ্ন সকলোৰে মনত। নতুন SOP অনুসৰি ৰাজ্যৰ দুখন জিলাৰ অন্যতম গোলাঘাট জিলাত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। গোলাঘাট জিলাত প্ৰতিদিনাই ক’ভিড টেষ্ট ব্যাপক হাৰত কৰিছে যদিও যোৱা ২৪ ঘন্টাত ১৩২ গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ সমান্তৰালভাবে মৃত্যু হৈছে ৩ গৰাকীৰ।

লক্ষণীয় কথাটো হ’ল জিলাখনত প্ৰতিদিনাই ২ জনৰ পৰা ৩ জন লোক মৃত্যু হৈয়ে আছে। জিলাখনত যোৱা ১ এপ্ৰিলৰ পৰা ৪০,৮৩৫০ লোকক কভিড টেষ্ট কৰাত ১৭,৩২৭ গৰাকী লোক আক্ৰান্ত হৈছে। ইয়াৰে ১৬২ গৰাকী লোকক মৃত্যু মুখত পৰিছে। এতিয়াও কন্টেইনমেন্ট জ’ন হৈ আছে ৫ খন ঠাই আৰু ৬৩ খন ঠাই মাইক্ৰ’ কন্টেইনমেন্ট জ’ন হৈ আছে।

ইয়াৰ মাজতে এটা ভাল খবৰ শেহতীয়াকৈ গোলাঘাট নগৰৰ ৯০০ ব্যৱসায়িক ক’ভিড টেষ্ট কৰাত ৩ জনহে পজিটিভ হৈছিল। যদি কন্টেইনমেন্ট জ’নৰ পৰা শিথিল হব লাগে তেন্তে জিলাবাসীৰ সহযোগ কামনা কৰিছে জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই। ইফালে ক’ৰোনাৰ এই পৰিবেশ আৰু পৰিস্থিতিৰ বাবে খাটি খোৱা লোকসকল, পদপথৰ ব্যৱসায়ী, ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ককাল ভাঙি পেলাইছে। জিলাখনৰ অৰ্থনীতিত যথেষ্ট প্ৰভাব পৰিছে। সকলোৰে আশা কিছু অতি শীঘ্ৰে নিয়ন্ত্ৰণলৈ আহক ক’ভিড পৰিস্থিতি আৰু শিথিল হওঁক গোলাঘাট জিলা।

Containment ZoneCovidDA News PlusGolaghat
Comments (0)
Add Comment