কেতিয়াকৈ ১ লাখ নিবনুৱাই পাব চাকৰি, সদৰি কৰিলে অসম চৰকাৰে

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ কেবিনেট বৈঠকত বুধবাৰে লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আৰক্ষী ব্যৱস্থাক সুদৃঢ় কৰাৰ বাবে ‘পুলিচ কমিছন’ গঠন কৰাৰ কথা বৈঠকৰ পিছতে সংবাদমেলত সদৰি কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।

আনহাতে মন্ত্ৰীগৰাকীয়ে সদৰি কৰা অনুসৰি, নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে ২ বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে। ইফালে ১ লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ বাবেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰে।

১ ছেপ্টেম্বৰৰ পৰা ১৫ হাজাৰ আৰক্ষী বিভাগৰ খালী পদ পূৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। ৫টা নতুন বেটেলিয়ন গঠন কৰা হ’ব ৰাজ্যত। ৬,২৭০জন যুৱক-যুৱতীয়ে চাকৰি পাব আৰক্ষী বিভাগত।

পাছপ’ৰ্ট বিভাগক গৃহ বিভাগৰে সংলগ্ন কৰাৰ বাবেও অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। INPRৰ সৈতে সংলগ্ন হ’ব প্ৰিণ্টিং বিভাগ। নেচনেল গেম্ছত পদক পালে খেলুৱৈয়ে পাব পেন্সন। একেদৰে অলিম্পিকত পদক বিজয়ীলৈ গ্ৰেড-১ৰ চাকৰি।

AssamCabinet MeetingDA News PlusJob
Comments (0)
Add Comment