প্ৰকাশ পালে ক’ভিডৰ নতুন SOP, দুখন জিলা থাকিব সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’নত

প্ৰকাশ পালে ক’ভিডৰ নতুন SOP। পূৰ্বতে সম্পূৰ্ণ কাৰ্ফিউ থকা ৫ খন জিলাৰ পৰিৱৰ্তে এতিয়াৰে পৰা দুখন জিলাত থাকিব সম্পূৰ্ণ কাৰ্ফিউ। গোলাঘাট আৰু লখিমপুৰত ২৪ ঘণ্টাই বাহাল থাকিব সম্পূৰ্ণ কাৰ্ফিউ। যোৰহাট, শোণিতপুৰ আৰু বিশ্বনাথত শিথিল কৰা হৈছে কাৰ্ফিউ।

যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, গোৱালপাৰা আৰু মৰিগাঁৱত দিনৰ ২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈকে হ’ব কাৰ্ফিউ। পূৰ্বৰ দৰেই বন্ধ থাকিব আন্তঃজিলা যাতায়াত। কাইলৈ পুৱা ৫ বজাৰ পৰা প্ৰযোজ্য হ’ব নতুন SOPৰ নীতি-নিৰ্দেশনা।

AssamDA News PlusSOP
Comments (0)
Add Comment