গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু নাহিদ আফ্ৰিনৰ!

ডিজিটেল সংবাদ, লক্ষীপুৰঃ গোৱালপাৰাৰ ধূমেৰঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। অবৈধ বালি ভৰ্তি ট্ৰাক্টে মহতিয়াই নিলে এগৰাকী ছয় বছৰীয়া কণমানিক। থিতাতে প্ৰাণ গ’ল নাহিদ আফ্ৰিন নামৰ এগৰাকী ছয় বছৰীয়া কণমানিৰ। জানিব পৰা মতে নাহিদ আফ্ৰিন নলবাৰীৰ মুকালমুৱাৰ নুৰজামাল হকৰ ছোৱালী।

নুৰজামাল হক ভাঙনমাৰী চৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ কৰ্মী বুলি জানিব পৰা গৈছে। নুৰজামালে নিজ ঘৰৰ পৰা জলেশ্বৰ সমষ্টিৰ চিৰাকুটিলৈ বাইকেৰে গৈ আছিল। তেনে অৱস্থাত ধূমেৰঘাটৰ ডাপকাৰভিটাৰ ৰাজপথত পিছফালৰ পৰা নম্বৰ বিহীন অবৈধ বালি ভৰ্তি ট্ৰেক্টৰ এখনে পিছফলৰ খুন্দা মাৰে।

মাকৰ কোলাৰ পৰা ছিটিকি পৰে কণমানি নাহিদ আফ্ৰিন আৰু অবৈধ বালি ভৰ্তি ট্ৰেক্টৰে মহতিয়াই নিয়ে নাহিদ আফ্ৰিনক। ইতিমধ্যে ধামেৰঘাট আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত কণমানি গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে অবৈধ বালি ভৰ্তি ট্ৰেক্টৰখনৰ লগতে চালকজনক কৰায়ত্ত কৰিছে।

আনফালে বৰ্তমানে অতি সংকটজনক অৱস্থাত আছে নাহিদৰ পিতৃ মাতৃ। উল্লেখ্য যে, ধূমেৰঘাট অঞ্চলত দীৰ্ঘদিনৰ পৰা অব্যাহত আছে অবৈধ বালি ভৰ্তি ট্ৰেক্টৰৰ সন্ত্ৰাস। দীৰ্ঘদিনৰ পৰা ৰাইজে অবৈধ বালি সৰবৰাহ কাৰ্য বন্ধ কৰাৰ বাবে দাবী জনাই আহিছে আৰু তাৰ মাজতে সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনা। এই ঘটনাই ইতিমধ্যে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ধূমেৰঘাট অঞ্চলত।

AccidentDA News PlusGoalpara
Comments (0)
Add Comment