আজি ২২ সংখ্যক কাৰ্গিল বিজয় দিৱস

ডিজিটেল ডেক্স, নতুন দিল্লী: আজি ২৬ জুলাই। আজি ২২ সংখ্যক কাৰ্গিল বিজয় দিৱস। দেশজুৰি আজি স্মৰণ কাৰ্গিলৰ শ্বহীদক। লাডাখৰ ড্ৰাছত কাৰ্গিল দিৱসৰ মূল অনুষ্ঠান। ৰাষ্ট্ৰপতি-সেনা মুৰব্বীয়ে কৰিব অংশগ্ৰহণ। কাৰ্গিল শ্বহীদ স্মাৰকত ৫৫৯ গছি বন্তি প্ৰজ্বলন।

১৯৯৯ চনৰ জুন মাহত সীমান্তৰ কাৰ্গিলত পাকিস্তানী সেনাৰ সৈতে ভাৰতীয় সেনাৰ তুমুল সংঘৰ্ষ হোৱাৰ পিছতে সেই বৰ্ষৰ ২৬ জুলাইত ভাৰতীয় সেনাই পাকিস্তানী সেনাক পৰাভূত কৰি পাকিস্তান সীমান্তত উৰুৱাইছিল বিজয় ধ্বজ্জা।

দেশ মাতৃক ৰক্ষাৰ বাবে ডেৰমাহ ধৰি চলা যুজঁত কেবা শতাধিক সৈনিকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছিল সহস্ৰাধিক জোৱান। শত্ৰুৰ সকলো কৌশল ওফৰাই আজিৰ দিনটোতে কাৰ্গিলত প্ৰায় ১৮ হাজাৰ ফুট উচ্চতাত ভাৰতীয় সেনাই উৰুৱাইছিল বিজয় নিচান। সেই দিন ধৰি আজিৰ দিনটো পালন কৰি অহা হৈছে কাৰ্গিল বিজয় দিৱস হিচাপে।

CelebrationDA News PlusKargil Da
Comments (0)
Add Comment