ৰাজ্যত পুনৰ বোৱাৰী নিৰুদ্দেশ, এইবাৰ ঘটনাৰ স্থান গুৱাহাটী।

ডিজিটেল সংবাদ, চাপৰ: ৰাজ্যত পুনৰ সংঘটিত হৈছে বোৱাৰী নিৰুদ্দেশৰ দৰে ঘটনা। এইবাৰ ঘটনাৰ স্থান মহানগৰী গুৱাহাটী। উল্লেখ্য যে, চাপৰৰ হাতীপোতাৰ মামুনী আৰু মামুনীৰ স্বামী একমাত্ৰ পুত্ৰ সন্তানৰ সৈতে কৰ্মসূত্ৰে গুৱাহাটীৰ সাতগাঁৱত ভাড়াতীয়া হিচাপে বিগত কেবা বছৰে বসবাস কৰিছিল। দম্পত্তীহালে এক মাত্ৰ পুত্ৰ সন্তানৰ সৈতে সুখেৰে জীৱন-যাপন কৰি আছিল যদিও যোৱা ১৪/০৭/২০২১ তাৰিখে সাতগাঁও বজালৈ যোৱা মামুনি খাতুন নামৰ বোৱাৰী গৰাকীৰ আজিও সন্ধান নাই।

মামুনিয়ে নিজৰ পুত্ৰ সন্তানটোক লগত লৈ বজাৰ কৰিবলৈ গৈ আৰু ঘৰলৈ উভতি নাহিল। সন্ধিয়া মামুনীৰ স্বামী নিজ কৰ্মৰ পৰা উভতি আহি পত্নী আৰু সন্তানক নেদেখি বিচাৰ-খোচাৰ কৰাৰ লগতে মামুনীৰ মৱাইল ফোনতো যোগাযোগ কৰা চেষ্টা কৰে যদিও মামুনীৰ ফোন সংযোগ নোহোৱাত উপায়ন্তৰ হৈ সাতগাঁও আৰক্ষীৰ কাষ চাপে।

মামুনীৰ স্বামীয়ে নিজৰ পত্নী আৰু একমাত্ৰ সন্তানৰ নিৰুদ্দেশ হোৱা বুলি সাতগাঁও আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে। কিন্তু আজিলৈকে মামুনী আৰু সন্তানৰ কোনো শুং-সূত্ৰ লাভ কৰা নাই। আনহাতে, মামুনী আৰু সন্তানক বিচাৰি নাপাই মামুনীৰ স্বামীয়ে মামুনীৰ পিতৃ গৃহত আহি উপস্থিত হয়। দেওবাৰে মামুনীৰ স্বামীয়ে জনোৱা মতে, মামুনী আৰু মামুনীৰ সন্তানক কোনোবা দুষ্ট চক্ৰই অপহৰণ কৰা বুলি অভিযোগ উত্থাপন কৰে। ইফালে মামুনীৰ পিতৃ-মাতৃয়ে নিজৰ মৰম কন্যা আৰু নাতিক কাষত নাপাই হিয়া ঢাকুৰি চাপৰৰ হাতীপোতাৰ ঘৰত কান্দি উঠিছে। এতিয়া সাতগাঁও আৰক্ষীয়ে মামুনী আৰু মামুনীৰ সন্তানক উদ্ধাৰৰ বাবে কি ব্যৱস্থা হাতত লয় সেয়াহে লক্ষ্যনীয় হ’ব।

DA News PlusDaughter in LawMissingSatgaon
Comments (0)
Add Comment