লাহোৱালত শুকুৰবাৰে নিশা সংঘটিত জঘন্য ঘটনাক লৈ অব্যাহত প্ৰতিক্ৰিয়া

ডিজিটেল সংবাদ, ডিব্ৰুগড়: ডিব্ৰুগড়ৰ লাহোৱালত শুকুৰবাৰে নিশা সংঘটিত হোৱা জঘন্য ঘটনাক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিশাই ঘটনাস্থলীত উপস্থিত হৈছিল ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ নেতৃত্বত শীৰ্ষ আৰক্ষীৰ বিষয়াৰ দল। লাহোৱাল আলিমূৰৰ কুঙ্গাবাৰীত ঘটনাটোৰ সম্প্ৰতি শাম কাটিছে পৰিস্থিতি।

ইফালে শনিবাৰে ডিব্ৰুগড় জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উপস্থিতিত লাহোৱাল আৰক্ষী থানাত আমছু আৰু আটছাৰ বিষয়ববীয়াৰে আলোচনাত মিলিত হয়। উপায়ুক্ত পল্লৱ গোপাল ঝাৰ অধ্যক্ষতাত অনুষ্ঠিত শান্তি আলোচনাত দোষীক নুৰ আলমক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ পোষকতা কৰে। আনহাতে এই সভাতে আমছু নেতা ছফি আলম খানে নামঘৰৰ মেৰামতিৰ দায়িত্ব গ্ৰহণ কৰে।

ভৱিষ্যতে এনেধৰণৰ ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে আৰক্ষী পদক্ষেপ গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে। সম্প্ৰতি ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিছে আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই। উল্লেখযোগ্য যে, আলিমূৰৰ কুঙ্গাবাৰীত চাহ জনগোষ্ঠীয় লোকৰ মন্দিৰ ভঙা আৰু গো মাংসৰ হাড় পেলোৱাৰ অভিযোগ নুৰ আলম নামৰ যুৱকজনৰ বিৰুদ্ধে। অভিযোগ অনুসৰি অঞ্চলটোৰ মন্দিৰৰ গেট আৰু এডাল খুঁটাত গোৰ মাৰি ভাঙিছিল নুৰ আলম নামৰ যুৱকজনে।

স্থানীয় লোকে এই ঘটনা প্ৰত্যক্ষ কৰাৰ পিছতে নুৰ আলমৰ বাসগৃহত নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। উত্তেজিত লোকে লণ্ডভণ্ড কৰিলে নুৰ আলমৰ বাসগৃহ। ইফালে ধৰ্মীয় অনুষ্ঠান ভঙাৰ অভিযোগত নুৰ আলমৰ বিৰুদ্ধে ৰুজু গোচৰ। লাহোৱাল আৰক্ষী থানাত ২৩০/২১ নম্বৰৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ আইনৰ অধীনৰ 457/427/294(a)/295(A)/298 নম্বৰৰ ধাৰাত গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ প্ৰেৰণ অভিযুক্ত নুৰ আলমক। এই ঘটনাক আটছা-আমছুৰ কঠোৰ ভাষাৰে গৰিহণা।

DA News PlusDibrugarhLahowalTense
Comments (0)
Add Comment