সোণাৰিত প্ৰায় ২৬ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী বিনষ্ট কৰিলে মন্ত্ৰী যোগেন মহনে

ডিজিটেল সংবাদ, সোণাৰীঃ চৰাইদেউ জিলা আৰক্ষীয়ে বিগত দুটা বছৰত জব্দ কৰা অবৈধ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী শনিবাৰে আনুষ্ঠানিকভাৱে দাহ কৰে মন্ত্ৰী যোগেন মহনে। চৰাইদেউ জিলা আৰক্ষীয়ে শনিবাৰে অনুষ্ঠিত কৰা ড্ৰাগছ বিনষ্টকৰণ অভিযানত দাহ কৰা হয় জব্দকৃত ড্ৰাগছ তথা গাঞ্জা আদিকে ধৰি নিচাজাতীয় সামগ্ৰী।

মন্ত্ৰী যোগেন মহনে জানিবলৈ দিয়া অনুসৰি প্ৰায় ২৬ লাখ ৭০ হাজাৰ টকা মূল্যৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী দাহ কৰা হয়। ইয়াৰে ২৮৭.০১ গ্ৰাম ব্ৰাউন চুগাৰৰ মূল্য আনুমানিক ২০ লাখ টকাৰ হ’ব।

CharaideuDA News PlusDrugsSonari
Comments (0)
Add Comment