ৰহাৰ একমাত্ৰ শিশু উদ্যানখনত মন কৰিলেও খেলিব নোৱাৰে শিশুৱে

ডিজিটেল সংবাদ, ৰহাঃ ৰহাৰ একমাত্ৰ শিশু উদ্যানৰ দুৰৱস্থা। বিগত তিনি চাৰি বছৰে বন্ধ হৈ আছে তুলসীৰাম গগৈ ওমলা বন নামৰ শিশু উদ্যানখন। জহি খহি গৈছে উদ্যানখনৰ খেলনাসামগ্ৰী, জিৰণি চ’ৰা আদি। আগুৰি ধৰিছে হাবি জংঘলেৰে।

২০১০ চনতে ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ সন্মুখত ৰাজ্য চৰকাৰৰ বন বিভাগৰ সামাজিক বনানিকৰণ দ্বাৰা অনুসূচীত জাতি-জনজাতি পূঁজিৰে নিৰ্মাণ কৰা হৈছিল এই শিশু উদ্যানখন আৰু স্থানীয় মুক্তি যুদ্ধা তুলসীৰাম গগৈ ওমলা বন নামেৰে নামকৰণ কৰা হৈছিল শিশু উদ্যানখন। ২০১০ চনৰ ১৪ নৱেম্বৰত তদানিন্তন বনমন্ত্ৰী ৰকিবুল হুছেইনে আনুষ্ঠানিকভাৱে উদ্যানখন মুকলি কৰিছিল।

আটকধুনীয়াকৈ নিৰ্মাণ কৰা উদ্যানখনত শিশুৰ উপযোগী সকলো খেলনা তথা সা-সুবিধা উপলব্ধ হৈছিল। যাৰ বাবে ৰহা চহৰৰ লগতে গাঁৱৰ শিশুসকলক উদ্যানখনে আকৰ্ষণ কৰিছিল আৰু প্ৰতি দেওবাৰে ইয়ালৈ শতাধিক শিশু আহি উপভোগ কৰিছিল মানসিক আনন্দ। সাত আঠ বছৰতে উদ্যানখনে বিশেষ মাত্ৰা লাভ কৰিছিল।

বিগত তিনি চাৰি বছৰৰ পৰা পৰিত্যক্ত হৈ পৰিছে উদ্যানখন। কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই পুৰণি খেলনাসমূহ নষ্ট হোৱাৰ পিছতো কোনোধৰণৰ মেৰামতি নাইবা নতুন সামগ্ৰী ক্ৰয় নকৰিলে। বৰং পিচলৈ কৰ্তৃপক্ষই সম্পূৰ্ণ বন্ধ কৰি দিলে উদ্যানখন। বৰ্তমান হাবি জংঘলে আগুৰি ধৰা স্বত্তেও কৰ্তৃপক্ষই উদ্যানখন পৰিস্কাৰ কৰা নাই।

উদ্যানখনত এতিয়াও তিনিজন কৰ্মচাৰী নিয়োজিত হৈ আছে। কিন্তু তেওঁলোকৰ কাম কি? চৰকাৰী অৱহেলাৰ বাবেই বৃহত্তৰ ৰহাৰ একমাত্ৰ শিশু উদ্যানখন জহি খহি যাব ধৰাত সচেতন নাগৰিকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লগতে উদ্যানখন পূৰ্ৱৰ অৱস্থালৈ ঘূৰাই আনি শিশুসকলক মানসিক প্ৰশান্তি দিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে।

Children ParkDA News PlusRaha
Comments (0)
Add Comment