এফালে প্ৰধান শিক্ষক, আনফালে অভিভাৱক! বটদ্ৰৱাৰ এখন বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ধূপগুৰিস্থিত ফকৰ উদ্দিন আলি আহমেদ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। প্ৰধান শিক্ষক ছামচুল হকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় পুৰুষ-মহিলাই।

দুৰ্নীতি পৰায়ন প্ৰধান শিক্ষক ছামচুল হকৰ বিৰুদ্ধে শনিবাৰে স্থানীয় ৰাইজ আৰু ছাত্র-ছাত্ৰী সকলৰ একাংশ অভিভাৱকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি তদন্তৰ দাবী তুলিছে। প্ৰধান শিক্ষক ছামচুল হকে নিজৰ আত্মীয়ৰ জৰিয়তে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত তিনিশ কৈ টকা সংগ্ৰহ কৰিছিল যদিও আজিকোপতি ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা নাই জলপানিৰ ধন।

যাৰ ফলস্বৰূপে শনিবাৰে এইসকল পুৰুষ-মহিলাই বিদ্যালয় প্ৰাংগনত উপস্থিত হৈ পৰিবেশ উত্তাল কৰি তোলে। উল্লেখ্য যে, এইজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে আগতেও বিদ্যালয়খনত বিভিন্ন দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ অভিযোগ আছে।

উল্লেখ্য যে, প্ৰধান শিক্ষক ছামচুল হকৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তিৰ নামতো অবৈধ বাবে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।

BatadrawabaDA News PlusSchoolTense
Comments (0)
Add Comment