এতিয়াও উভতি নাহিল NDFB(s)ৰ এজন সদস্য

NDFBৰ সদস্যসকলে কেইবামাহো পূৰ্বে আত্মসমৰ্পণ কৰিলে যদিও NDFB(S)ৰ এজন সদস্য এতিয়াও ঘৰলৈ উভতি অহা নাই বুলি জানিব পৰা গৈছে৷ এই NDFB(S)ৰ সদস্যজনৰ নাম এলছন বসুমতাৰী ওৰফে বি আনছাইলাং৷ এলছন বসুমতাৰীৰ ঘৰ চিৰাঙৰ ইন্দ্ৰপুৰ গাঁৱত৷

এলছনৰ পিতৃয়ে প্ৰকাশ কৰা মতে, ২০১৪ চনত NDFBত যোগদান কৰিছিল তেওঁ৷ যোৱা এপ্ৰিলত এলছনৰ সৈতে ফোনত যোগাযোগ হৈছিল তেওঁৰ পিতৃ৷ এলছন এতিয়াও ম্যানমাৰত থকা বুলি ধাৰণা কৰা হৈছে৷ এলছনক ঘূৰাই অনাৰ বাবে ব্যৱস্থা ল’বলৈ চৰকাৰক অনুৰোধ জনাইছে পিতৃয়ে৷

CadreDA News PlusNDFB
Comments (0)
Add Comment