গোঁসাইগাঁৱত ৰাষ্ট্ৰীয় পথত টোলগেট নিৰ্মাণৰ তৎপৰতা

গোঁসাইগাঁৱত ৰাষ্ট্ৰীয় পথত টোলগেট নিৰ্মাণৰ বাবে তৎপৰ হৈছে চৰকাৰ৷ এই টোলগেটৰ কাম ইতিমধ্যে ৬০ শতাংশ সম্পূৰ্ণ হৈছে ৷ পিছে অসম-বংগ সীমান্তৰ শিমলুটাপুৰ পৰা কচুগাঁৱৰ মহামায়া মন্দিৰলৈকে ৰাষ্ট্ৰীয় পথৰ ৩০ কিলোমিটাৰ অংশৰ নিৰ্মাণ আজিও সম্পূৰ্ণ হোৱা নাই ৷

এই অংশত সম্পূৰ্ণ হোৱা নাই এখনো দলং৷ ফলত সঘনাই ঘটি থাকে দুৰ্ঘটনা ৷ পথ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ পৰিৱৰ্তে টোলগেট নিৰ্মাণত অধিক গুৰুত্ব দিয়াত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

DA News PlusGosaigaonTollgate
Comments (0)
Add Comment