কেইজনমান উদ্যমী যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টাই দৃষ্টি আকৰ্ষণ কৰিলে কৃষি বিভাগৰ

ডিজিটেল সংবাদ, ছৈখোৱা শদিয়া: কেইজনমান উদ্যমী যুৱক। যুৱক কেইজনৰ ব্যতিক্ৰমী প্ৰচেষ্টা। পৰিশ্ৰমী যুৱককেইজনে দেখুৱাইছে কৰ্ম নিপুনতা। তেওঁলোকৰ এই কৰ্মই দৃষ্টি আকৰ্ষণ কৰিছে কৃষি বিভাগৰ। হয়, তিনিচুকীয়াৰ কেইজন মান উদ্যমী যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টাই ৰাজ্যৰ কৃষি বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিছে। পথাৰো আমাৰ, বজাৰো আমাৰ এই শ্লোগান বাস্তৱত পৰিণত কৰিছে তিনিচুকীয়াৰ ধলা বিচনি মুখ ধুলিজান গাঁৱৰ চাৰি যুৱকে।

যুৱককেইজনে নিজ উপাৰ্জনৰ টকাৰে ‘সেউজী় পাম’ নামৰ এটা স্বাৱলম্বী গোট খুলি ধুলিজান গাঁৱৰ চাপৰিত কৰি গৈছে খেতি।
প্ৰায় ৪০ বিঘা মাটিত নেমু, হালধি, মৰাণ আদা, কল,আৰু পাণৰ খেতি কৰিছে তেওঁলোকে। কৃষিতে মান, কৃষিতে প্ৰাণ, কৃষিতে সন্মানৰ প্ৰেৰণাত ব্যস্ত এই যুৱকসকল। বিদেশৰ লণ্ডনৰ বজাৰো দখল কৰিছে যুৱককেইজনৰ উৎপাদিত ফচল নেমু। আৰু ইয়াৰ বাবেই দৃষ্টি আকৰ্ষণ হ’ল ৰাজ্যৰ কৃষি বিভাগৰ।

যুৱককেইজনৰ এই কৰ্মোদ্যমক উৎসাহ আৰু সঁহাৰি জনাবলৈ শুকুৰবাৰে উপস্থিত হয় ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা। পৰিদৰ্শন কৰিলে যুৱককেইজনৰ কৰ্ম নিপুনতাৰ সামগ্ৰিক পৰিৱেশ। পৰিদৰ্শনকালত মন্ত্ৰী অতুল বৰাই কয় যে, অসমৰ গাঁও আৰু চাপৰ অঞ্চলৰ মাটিবোৰ অতি পলসুৱা, অতি সাৰুৱা। এনে মাটিৰ জৰিয়তেই অসমৰ কৃষি ক্ষেত্ৰ খনলৈ আমূল পৰিৱৰ্তন সাধন কৰিবলৈ সংকল্প গ্ৰহণ কৰিছো আৰু ইয়াৰ জৰিয়তে হ’ব আমাৰ গ্ৰাম্য অৰ্থনীতি অধিক মজবুত।

Atul BoraDA News PlusSadiya NewsYoung Unique
Comments (0)
Add Comment