নগাঁৱত প্ৰশাসনে ছীল কৰিলে ক’ভিডৰ নিয়ম নমনা কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান

DA News Plusৰ বাতৰিৰ পিছতেই গা লৰিল নগাঁও জিলা প্ৰশাসনৰ৷ ছীল কৰিলে ক’ভিডৰ নিয়ম নমনা কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান৷ ক’ভিড প্ৰট’কল ভংগ কৰি নগাঁৱত ব্যৱসায় চলাই আছিল বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠানে৷

এই সন্দৰ্ভত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ হৈছিল DA News Plusত৷ ব্যৱসায়ীক প্ৰতিষ্ঠানত হোৱা ভিৰৰ বাবেই নগাঁৱত পুনৰ বৃদ্ধি পাইছিল ক’ভিড আক্ৰান্তৰ সংখ্যা৷ আমাৰ বাতৰিৰ পিছতেই তাৎক্ষণিকভাৱে জিলা প্ৰশাসনে আৰক্ষীৰ সহযোগত ছীল কৰে বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠান৷

AssamDA News PlusNagaonSOP
Comments (0)
Add Comment