ন-ৰূপত গঢ়ি উঠিব ঐতিহ্যমণ্ডিত বটদ্ৰৱা থান, আজি বটদ্ৰৱা থানত সপত্নীক উপস্থিত হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত সপত্নীক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী বৰদোৱা থানত উপস্থিত হৈ নিৰ্মীয়মাণ বটদ্ৰৱা প্ৰকল্প নিৰীক্ষণ কৰে৷ মুখ্যমন্ত্ৰীৰ অনুগ্ৰহত বৰদোৱাত হৈ থকা বিভিন্ন ধৰণৰ কাম-কাজ সন্দৰ্ভতো পৰিচালনা সমিতিৰ সৈতে মত-বিনিময় কৰে ৷

বটদ্ৰৱা থানৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে পূৰ্বৰ টাইলচৰ পৰিৱৰ্তে এতিয়াৰে পৰা মাৰ্বল ব্যৱহাৰ কৰা হ’ব৷ আৰু এই কামৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ থানৰ ‘বহা’, সভাগৃহ, পৰিচালনা সমিতিৰ কাৰ্যালয় ন-ৰূপত সজোৱাৰ বাবে লোক নিৰ্মাণ বিভাগক দায়িত্ব অৰ্পণ কৰে ৷

ড° হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ২০১৬ চনত বেদখলমুক্ত হোৱা ১৬৫ বিঘা ভূমিত ১৮৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা ‘বটদ্ৰৱা প্ৰকল্প’ উদ্বোধন কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ তাৰ পাছতেই ক্ষিপ্ৰতাৰে এই প্ৰকল্পৰ কাম কৰি থকা হৈছে ৷ খুব কম সময়ৰ ভিতৰতে অসমে গুৰুজনাৰ জন্মস্থানভাগিত এক অনন্য ৰূপত পাব বুলি মন্তব্য কৰে ৷

BatadrawaCMDA News Plus
Comments (0)
Add Comment