২২ দিন কন্টেইনমেন্ট জ’নত থকাৰ পিছত মৰিগাঁৱলৈ সাময়িক সকাহ

ক’ৰোনা মহামাৰীৰ বাবে সম্পূৰ্ণ ২২ দিন কন্টেইনমেন্ট জ’নত থকা মৰিগাঁও জিলালৈ সাময়িক সকাহ। নতুন SOP অনুসৰি জিলাখনৰ সকলো দোকান-পোহাৰ দিনৰ ১২ বজালৈ খোলাৰ অনুমতি দিয়া হৈছে। অৱশ্যে দিনৰ এক বজাৰ পৰা পিছদিনা পুৱা পাঁচ বজালৈ বাহাল থাকিব পূৰ্বৰ দৰেই সান্ধ্য আইন।

আজি নতুন SOP অনুসৰি জিলাখনৰ জাগীৰোডতো সকলো দোকান-পোহাৰ খোলাৰ ব্যৱস্থা কৰে ব্যৱসায়ী সকলে। কিছু পৰিমাণে স্বাভাৱিক জীৱন ঘূৰি আহিছে যদিও ক’ৰোনাৰ ভয়াৱহতা এতিয়াও কমা নাই। নীতি নিয়ম ভংগকাৰীক জৰিমণা বিহিছে আৰক্ষীয়ে। ঈদৰ নামাজ ঘৰতে আদায় কৰাৰ বাবে আহ্বান জনোৱা হৈছে৷

CovidDA News PlusMorigaon
Comments (0)
Add Comment