আজি ইটালীৰ পৰা টকিঅ’লৈ উৰা মাৰিব অসমৰ প্ৰথমগৰাকী মহিলা অলিম্পিয়ান লাভলীনা বৰগোঁহাই

ডিজিটেল ডেস্ক: ভাৰতীয় বক্সিং দলৰ সৈতে আজি ইটালীৰ পৰা টকিঅ’লৈ উৰা মাৰিব অসমৰ প্ৰথমগৰাকী মহিলা অলিম্পিয়ান লাভলীনা বৰগোঁহাই ৷ ইটালীত এমহীয়া প্ৰশিক্ষণৰ অন্তত টকিঅ’ অলিম্পিকলৈ বুলি ৰাওনা হ’ব লাভলীনা ৷

লাভলীনাই ২৪ জুলাইত প্ৰথমখন খেলত অৱতীৰ্ণ হ’ব ৷ ভাৰতীয় বক্সিং ফেডাৰেচনৰ সচিবপ্ৰধান হেমন্ত কলিতাই DA NEWS PLUSক জনালে এই কথা৷ লাভলীনাই অসমলৈ প্ৰথমটো অলিম্পিকৰ পদক আনিব বুলিও আশা প্ৰকাশ  কৰে সচিবপ্ৰধানগৰাকীয়ে ৷

DA News PlusLovlina BorgohainOlympic
Comments (0)
Add Comment