ধেমাজিত নদীৰ বাঢ়নী পানীৰ কবলত বিস্তীৰ্ণ অঞ্চল,খেতি পথাৰ, ঘৰ-দুৱাৰ জাহ গৈছে বানপানীত

ধেমাজিৰ বৰদলনিত নদীৰ বাঢ়নী পানীৰ কবলত বিস্তীৰ্ণ অঞ্চল ৷ ধেমাজিৰ  বৰদলনি উন্নয়খণ্ডৰ অধীনৰ  আৰু গোগামুখ ৰাজহচক্ৰৰ অন্তৰ্গত  অতি  পিছপৰা খনাকৃষ্ণপুৰ গাৱত নদীৰ বানৰ তাণ্ডব অব্যাহত আছে। অঞ্চলটোৰ  কৃষকৰ খেতি পথাৰ বাঢ়নী পানীৰ তলত জাহ যোৱাৰ  লগতে শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ আৰু ৰাস্তা পদূলি বানে উছন কৰে ৷

খনাকৃষ্ণপুৰ গাৱৰ লগতে বুঢ়াকুঢ়ি, ভোমা পদ্মপুৰ আদি কেইবাখনো গাঁও  বানৰ কবলত পৰিছে ৷ ইপিনে, ধাৰাবাহিক  বানত বিপৰ্যস্ত হৈ পৰা বানাক্ৰান্তক ধেমাজি জিলা প্ৰশাসনে  সাহায্য  প্ৰদান নকৰাৰ অভিযোগ উঠিছে ৷

DA News PlusDhemajiFlood
Comments (0)
Add Comment