ৰাজ্যত অব্যাহত চুলাইৰ বিৰুদ্ধে অভিযান। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমানলৈ বহু চুলাইৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী আৰু আবকাৰী বিভাগৰ দলে।
ইপিনে, বৰপেটাৰ সৰভোগতো চলিল এই অভিযান ৷ আৰক্ষী আৰু আবকাৰী বিভাগৰ এটা দলে অভিযান চলাই উচ্ছেদ কৰে চুলাইৰ কেইবাটাও ঘাটি ৷ ইয়াৰ লগতে নষ্ট কৰে বৃহৎ পৰিমাণৰ চুলাই আৰু চুলাই প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা সা-সামগ্ৰী।