বিটিচি সচিবালয়ত জনতাৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা,আজিৰে পৰা ২৩ জুলাইলৈ এই নিষেধাজ্ঞা

বিটিচি সচিবালয়ত জনতাৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা ৷ আজিৰে পৰা  ২৩ জুলাইলৈ এই নিষেধাজ্ঞা ৷ সচিবালয়ৰ বিষয়া-কৰ্মচাৰীৰ মাজত বৃদ্ধি পোৱা ক’ভিড পজিটিভিটীৰ বাবেই এই নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ যাৰ বাবে বিটিচি সচিবালয়ৰ বিষয়া-কৰ্মচাৰীয়ে ভেকচিন লোৱাটো বাধ্যতামূলক কৰা হৈছে ৷

কমেও প্ৰথমপালি লোৱা বিষয়া-কৰ্মচাৰীকহে প্ৰৱেশৰ অনুমতি দিয়া হৈছে ৷ সচিবালয়ৰ ভেকচিন নোলোৱা কৰ্মচাৰীৰ জুলাইৰ দৰমহা স্থগিত ৰখাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বিটিচিৰ প্ৰধান সচিবে গ্ৰহণ কৰিছে এই কঠোৰ নিৰ্দেশনা ৷

BTCDA News Plus
Comments (0)
Add Comment