শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেটত কি কি আছে?

শুকুৰবাৰে শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট দাখিল কৰা হয়। ৰাজ্যৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট দাখিল কৰে। ৰূপকোঁৱৰৰ কবিতাৰে বাজেট উত্থাপন অজন্তা নেওগৰ। ছমাহৰ বাবে বলৱৎ হয় এই নতুন বাজেট। অহা ফেব্ৰুৱাৰীত চৰকাৰে দাখিল কৰিব পূৰ্ণাংগ বাজেট। কি কি গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিলে অজন্তাই?

◾️ ক’ভিড ১৯-এ প্ৰভাৱ পেলাইছে ৰাজ্যৰ অৰ্থনীতিত
◾️ ক’ভিড নিয়ন্ত্ৰণৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে
◾️ ৫ বছৰৰ বাবে দলিলস্বৰূপ হ’ব এই বাজেট : অজন্তা নেওগ
◾️ ক’ভিডৰ টিকাকৰণত জনআন্দোলনলৈ ৰূপান্তৰৰ সিদ্ধান্ত
◾️ বিগত ৫ বছৰত ঘৰুৱা উৎপাদন বৃদ্ধি পোৱাৰ কথা উল্লেখ
◾️ বৃদ্ধ, বিধৱা আৰু দিব্যাংগৰ আঁচনি সম্পৰ্কে উত্থাপন বিত্ত মন্ত্ৰীৰ
◾️ প্ৰতি মাহৰ ১০ তাৰিখে পেঞ্চন লাভ কৰাৰ ব্যৱস্থা চৰকাৰৰ
◾️ ক’ভিডৰ চিকিৎসাত ব্যৱহাৰ ২০ হাজাৰতকৈয়ো অধিক বিছনা
◾️ ব্যৱহাৰ কৰা হৈছে সহস্ৰাধিক অক্সিজেনযুক্ত অত্যাধুনিক বিছনা
◾️ ২০১৫-১৬ৰ তুলনাত চৰকাৰৰ দুগুণ ব্যয় ২০১৯-২০ বৰ্ষত
◾️ বাজেট উত্থাপনৰ মাজতো হীৰেণ ভট্টাচাৰ্যৰ কবিতা পাঠ বিত্তমন্ত্ৰীৰ
◾️ নুমলীগড় শোধানাগাৰত চৰকাৰৰ অংশ ২৬ শতাংশলৈ বৃদ্ধি
◾️ বাজেটত ১ লাখ নিবনুৱাক সংস্থাপনৰ বিষয় উত্থাপন বিত্তমন্ত্ৰীৰ
◾️ চাহ কৰ্মীৰ মজুৰি ৩৮ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত চৰকাৰৰ
◾️ ড্ৰাগ্ছৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন, আগলৈয়ো চলি থাকিব অভিযান
◾️ বৰ্তমানলৈ জব্দ কৰা হৈছে ১৩৫ কোটি টকা মূল্যৰ ড্ৰাগ্ছ
◾️ ড্ৰাগ্ছৰ কবলত পৰিছে ৰাজ্যৰ নতুন প্ৰজন্ম : বিত্তমন্ত্ৰী
◾️ বিগত সময়ত ৰাজ্যত NCB স্থাপনৰ যো-জাঁ চৰকাৰৰ : বিত্তমন্ত্ৰী
◾️ অবৈধ কয়লা ছিণ্ডিকেট ৰোধৰ প্ৰসংগ উত্থাপন বিত্ত মন্ত্ৰীৰ
◾️ অসম ভূষণ, অসম শ্ৰী আদি বঁটাৰ প্ৰসংগ উত্থাপন বাজেটত
◾️ কনিষ্টবল ‘বৰছিং বে’ৰ সাহসিকতাৰ বাবে পুৰস্কাৰ দিয়া হৈছে’
◾️ মাইক্ৰ’ফাইনেন্সৰ পৰা ঋণ লোৱাসকলক সহায়ৰ চেষ্টা চৰকাৰৰ
◾️ ঋণ পৰিশোধ কৰিবলগীয়া ব্যক্তিসকলক ৩টা শ্ৰেণীত ভাগ কৰা হৈছে
◾️ আছাম মাইক্ৰফাইনেন্স ইনচেনটিভ এণ্ড ৰিলিফ এক্টৰ ঘোষণা চৰকাৰৰ
◾️ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা সৃষ্টি বিত্ত মন্ত্ৰীৰ বাজেটত
◾️ হোমেন বৰগোহাঁঞিৰ জন্মদিনত সাহিত্যিক পেঞ্চন ঘোষণা চৰকাৰৰ
◾️ ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত চৰকাৰে প্ৰদান কৰিব ক্ৰীড়া পেঞ্চন
◾️ ‘নিযুক্তি ব্যৱস্থা সম্পূৰ্ণ স্বচ্ছ হ’বলৈ বিধেয়ক উত্থাপন কৰা হ’ব সদনত’
◾️ চৰকাৰে সম্পূৰ্ণ নিকা তথা স্বচ্ছভাৱে প্ৰদান কৰিব নিবনুৱাসকলক চাকৰি
◾️ ১ লাখ নিযুক্তিৰ সিদ্ধান্ত চৰকাৰৰ বাবে এক গৰিষ্ঠ সিদ্ধান্ত : বিত্তমন্ত্ৰী
◾️ অৰুণোদয় আঁচনি সম্পৰ্কেও বাজেটত উত্থাপন বিত্তমন্ত্ৰীৰ
◾️ ১৬৭.৮৭ কোটি টকা আঁচনিখনৰ বাবে মুকলি কৰি দিয়া হৈছে
◾️ এটা মাহ অৰুণোদয় মাহ হিচাপে পালন কৰাৰ সিদ্ধান্ত বাজেটত
◾️ প্ৰতিমাহে প্ৰদান কৰা সাহায্য ৮৩০ৰ পৰা ১ হাজাৰ টকালৈ বৃদ্ধিৰ সিদ্ধান্ত
◾️ আঁচনিখনৰ অন্তৰ্গত ৬,৩৬,০০০ নতুন হিতাধিকাৰী সৃষ্টিৰ লক্ষ্য চৰকাৰৰ
◾️ প্ৰায় ৪০ শতাংশ পৰিয়ালক এই আঁচনিয়ে সাঙুৰি লৈছে : বিত্তমন্ত্ৰী
◾️ অসম মালাৰ অধীনত ধ্বজাবাহী অসম মালা আঁচনি তীব্ৰভাৱে চলি আছে
◾️ অসমৰ ৰাস্তা-ঘাটসমূহ উন্নতিকৰণৰ বাবে চৰকাৰে অব্যাহত ৰাখিছে কাম-কাজ
◾️ ৰাষ্ট্ৰীয় ঘাইপথ, জিলা ঘাইপথসমূহ উন্নতিকৰণত বিশেষ গুৰুত্ব বাজেটত
◾️ স্বনিৰ্ভৰশীল নাৰী. অসমৰ বয়নশিল্প সম্পৰ্কে উত্থাপন বাজেটত
◾️ প্ৰথম অৱস্থাত ১.২৩ লাখ শিপিনীক সাঙুৰি লোৱাৰ সিদ্ধান্ত চৰকাৰৰ
◾️ অসমৰ নাৰীক স্বাৱলম্বী কৰি তোলাৰ বাবে আঁচনি উত্থাপন বাজেটত
◾️ ১ হাজাৰ কিলোমিটাৰ মথাউৰি, পথ নিৰ্মাণৰ বাবে আঁচনি উত্থাপন বাজেটত
◾️ ‘পুৰণি বানপানী প্ৰতিৰোধৰ ব্যৱস্থাসমূহ উন্নতিকৰণৰ প্ৰয়োজনীয়তা আছে’
◾️ বাজেটত ১ হাজাৰ কোটি টকা নিৰ্ধাৰণ বানপানী প্ৰতিৰোধ ব্যৱস্থাৰ বাবে
◾️ ৰাজ্যত নতুনকৈ ১০ হাজাৰ অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত বাজেটত
◾️ অংগনৱাড়ী কেন্দ্ৰৰ বাবে খাদ্য-সামগ্ৰী খাদ্য নিগমৰ পৰা ক্ৰয়ৰ সিদ্ধান্ত
◾️ ১৩.৫০ কোটি টকা অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ বাবে ধাৰ্য বাজেটত
◾️ অন্ন যোজনা আৰু অন্ন নিশ্চিত আঁচনি ঘোষণা মন্ত্ৰী অজন্ত নেওগৰ বাজেটত
◾️ চৰকাৰে দৰিদ্ৰ নিশ্চিত আঁচনি ৰূপায়ণৰ বাবে সিদ্ধান্ত লৈছে : বিত্ত মন্ত্ৰী
◾️ আঁচনিখনৰ অধীনত দৰিদ্ৰসকলক বিনামূলীয়াকৈ ৰন্ধন সামগ্ৰী যোগানৰ সিদ্ধান্ত
◾️ এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ডৰ ৰূপায়ণৰ বাবে প্ৰতিজ্ঞাবদ্ধ চৰকাৰ : অজন্তা নেওগ
◾️ বাজেটত অন্ন যোজনাৰ বাবে ৩৯০.০৮ কোটি টকা ধাৰ্য
◾️ ‘চাহ বাগিচাৰ লোকসকলৰ সামগ্ৰিক উন্নতিৰ বাবে চৰকাৰে কাম কৰিব’
◾️ চাহ বাগিচাত বসবাস কৰাসকলৰ প্ৰতিঘৰত পাইপেৰে পানী যোগানৰ সিদ্ধান্ত
◾️ প্ৰায় ৮০৫খন চাহ বাগিচাত পানী যোগানৰ ব্যৱস্থা কৰিব চৰকাৰে
◾️ বাগিচাত পানী যোগান আঁচনিৰ অধীনত ২,৬৯,৬৪৮ পৰিয়াল উপকৃত হ’ব
◾️ প্ৰাকৃতিক দুৰ্যোগত ক্ষয়-ক্ষতিৰ বাবে ৪০০ কোটি টকাৰ বিশেষ আঁচনি
◾️ প্ৰধানমন্ত্ৰীৰ ফচল যোজনাৰ অধীনত দিয়া হ’ব ৪০০ কোটি টকা : অজন্তা নেওগ
◾️ মাইকী গৰু আৰু পোৱালি গৰুৰ জনসংখ্যা বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত
◾️ দুগ্ধপাম আৰু গাহৰি পামৰ বাবে বিশেষ আঁচনি ঘোষণা বাজেটত
◾️ অসমৰ কৃষি খণ্ড উন্নয়নৰ বাবে আগন্তুক দিনত চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিব
◾️ সমূহীয়া মীন পালনেৰে মৎস্য উৎপাদন বৃদ্ধিৰ পোষকতা বিত্ত মন্ত্ৰীৰ বাজেটত
◾️ ৰাজ্যৰ গাঁওসমূহত সমূহীয়া পুখুৰী খন্দাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে
◾️ ৰাজ্যৰ গাঁওসমূহত ১ হেক্টৰ মাটিত মৎস্য উৎপাদনৰ বাবে খান্দিব ৰাজহুৱা পুখুৰী
◾️ খিলঞ্জীয়া জনজাতিসমূহৰ অস্তিত্ব ৰক্ষা বিভাগ স্থাপনৰ সিদ্ধান্ত বাজেটত
◾️ ৰাজ্যৰ প্ৰশাসনিক বিভাগসমূহ সবল কৰাৰ উদ্দেশ্যে বিশেষ পৰিকল্পনা চৰকাৰৰ
◾️ ক্ষুদ্ৰ ব্যৱসায় আৰু কাৰুশিল্পীসকলৰ বাবে বিশেষ আঁচনি ঘোষণা বাজেটত
◾️ ক্ষুদ্ৰ ব্যৱসায়ী, কুটিৰ শিল্পৰে জড়িতসকলক সহায়ৰ বাবে ২০০ কোটি টকা ধাৰ্য
◾️ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে স্মাৰ্ট ফোন দিয়াৰ ব্যৱস্থা বাজেটত
◾️ বিশেষভাৱে অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ বাবে আশীৰ্বাদস্বৰূপ হ’ব এই ব্যৱস্থা
◾️ এই আঁচনিয়ে প্ৰায় ৮ লাখ ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিব : বিত্ত মন্ত্ৰী
◾️ ৰাজ্যৰ খাদ্য-অসামৰিক যোগান বিভাগে কৃষকৰ ধান ক্ৰয় কৰিব
◾️ ১০ লাখ কুইণ্টল ধানৰ বাবে ২০০ কোটি টকা মূলধন
◾️ মুখ্যমন্ত্ৰী ক’ভিড-১৯ বিধৱা আঁচনিৰ অধীনত বিধৱালৈ বিশেষ সাহায্য
◾️ ছিপাঝাৰৰ গৰুখুঁটিত প্ৰায় ৭৭,৪২০ বিঘা ভূমি দখলমুক্ত কৰা হৈছে
◾️ গৰুখুঁটিত কৃষি উন্নয়নৰ বাবে পদ্ম হাজৰিকাৰ সভাপতিত্বত গঠন কৰা হৈছে বিশেষ কমিটী
◾️ অঞ্চলটোত বিস্তৃতভাৱে বৃক্ষৰোপণৰবাবে মোতায়েন ১৩৪টা ইক’লজিকেল টাস্কফ’ৰ্চ
◾️ ৰাজ্যত নতুনকৈ ৫খন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত বাজেটত
◾️ তামুলপুৰ, ধেমাজি, মৰিগাঁও, গোলাঘাট, বঙাইগাঁৱত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত
◾️ তামুলপুৰক নতুন জিলা হিচাপে স্বীকৃতিৰ সিদ্ধান্ত অজন্তা নেওগৰ বাজেটত
◾️ ৰাজ্যত ১০টা স্থানত পৰ্যায়ক্ৰমে ১০টা নতুন কমাণ্ডো বেটেলিয়ন গঠনৰ সিদ্ধান্ত
◾️ ইয়াৰ কনিষ্টবল, উপ-পৰিদৰ্শকে SPG, NSG, CRPF COBRAৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব
◾️ বেটেলিয়নসকলে প্ৰতিবিদ্ৰোহী কাৰ্যকলাপত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব : বিত্তমন্ত্ৰী
◾️ অসম আন্দোলনৰ ছহিদ আৰু আহতৰ পৰিয়াললৈ সাহায্য ঘোষণা চৰকাৰৰ
◾️ অসম আন্দোলনৰ ছহিদ পৰিয়ালে লাভ কৰিব ৫ লাখ টকাৰ এককালীন সাহায্য
◾️ অসম আন্দোলনত আহতৰ পৰিয়াললৈ ২ লাখ টকাৰ এককালীন সাহায্য ঘোষণা
◾️ মৈত্ৰী প্ৰকল্পৰ অধীনত ৬২খন আৰক্ষী থানা নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে
◾️ ১১খন থানাৰ উন্নীতকৰণ আৰু পুনৰ নিৰ্মাণৰ কাম অব্যাহত আছে
◾️ দ্বিতীয় পৰ্যায়ত ৭৬খন নতুন থানা পুনৰ নিৰ্মাণৰ কাম হাতত লোৱাৰ সিদ্ধান্ত
◾️ ৩১টা অগ্নিনিৰ্বাপণ আৰু জৰুৰীকালীন সেৱা কেন্দ্ৰৰ বাবে আন্তঃগাঁথনিৰ কাম আৰম্ভ
◾️ ৰাজ্যৰ ৫টা আঞ্চলিক ফৰেনছিক বিজ্ঞানাগাৰ নিৰ্মাণৰ কাম অব্যাহত
◾️ ৰাজ্যৰ গৃহ বিভাগৰ বাবে বাজেটত ৫৬৫৯.৭৪ কোটি টকাৰ প্ৰস্তাৱ
◾️ ৩য় আৰু ৪ৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত বয়সৰ ঊৰ্ধ্বতম সীমা ৩৮ৰ পৰা ৪০লৈ বৃদ্ধি
◾️ অসম লোকসেৱা আয়োগত ব্যাপক সংস্কাৰ সাধনৰ সিদ্ধান্ত চৰকাৰৰ
◾️ কৰ্মচাৰী বিভাগৰ বাবে বাজেটত ২৩.১৮ কোটি টকা ধাৰ্য
◾️ ডিমা হাছাও আৰু কাৰ্বি আংলঙত নিৰ্মাণ কৰা হ’ব এটা জলবিদ্যুৎ প্ৰকল্প
◾️ ১২০ মেগাৱাট শক্তিসম্পন্ন নামনি কপিলী জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত
◾️ নামৰূপত আন এটা ১০০০ মেগাৱাট শক্তিৰ গেছভিত্তিক গোট স্থাপনৰ সিদ্ধান্ত
◾️ বড়োলেণ্ডক লৈ বিত্তমন্ত্ৰী অজন্তা নেওগৰ বিশেষ সিদ্ধান্ত
◾️ বড়োলেণ্ডৰ লোকৰ সৰ্বাংগীন বিকাশৰ বাবে বড়োলেণ্ড কল্যাণ বিভাগ গঠন
◾️ কোকৰাঝাৰত বড়োলেণ্ড প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত

Assam Finance MinisterBudgetBudget SubmitDA News Plus
Comments (0)
Add Comment