শোণিতপুৰ জিলা স্বাস্থ্য বিভাগৰ প্ৰশংসনীয় পদক্ষেপ

ডিজিটেল সংবাদ,শোণিতপুৰ: শোণিতপুৰ জিলা স্বাস্থ্য বিভাগৰ প্ৰশংসনীয় পদক্ষেপ। কৰ’ণাৰ এই ভয়ংকৰ পৰিস্থিতিৰ মাজত শোণিতপুৰত সাধাৰণ ৰাইজৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে শোণিতপুৰ জিলা স্বাস্থ্য বিভাগ। সমাজৰ বিশেষভাৱে সক্ষম, সন্ন্যাসী, ভিক্ষাৰী,পদপথৰ লোকসকলৰ বাবে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা।

যি সময়ত ৰাজ্যত প্ৰতিদিনে তিনি লাখ লোকক ক’ভিড টিকাকৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই সময়ত একাষৰীয়া হৈ পৰি ৰৈছে এইসকল সমাজৰ বিশেষভাৱে সক্ষম, সন্ন্যাসী, ভিক্ষাৰী,পদপথৰ লোক। তেনে লোকসকলৰ প্ৰতি চিন্তা কৰি শোণিতপুৰ জিলা স্বাস্থ্য বিভাগে ক’ভিড টিকাকৰণ শিবিৰ অনুষ্ঠিত কৰি বৃহস্পতিবাৰে তেজপুৰ গহণ উদ্যান সমিতিৰ সহযোগত বাতৰি কাকতৰ হকাৰ,নাপিট ,মটৰ গেৰেজৰ কৰ্মচাৰী আৰু পাৰ্লাৰৰ কৰ্মচাৰীক ক’ভিডৰ প্ৰথম পালি টিকা প্ৰদান কৰে।

বৃহস্পতিবাৰে ক’ভিডৰ কঠোৰ নিয়মাৱলীৰ মাজত অনুষ্ঠিত টিকাকৰণ শিবিৰ পৰিদৰ্শন কৰি জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে বৰ্তমান জিলাখনত ক’ভিডৰ সংক্ৰমণ এক দশমিক পাঁচলৈ হ্ৰাস পোৱাৰ কথা সদৰি কৰে। উপায়ুক্ত গৰাকীয়ে জিলাখনৰ চাহ বাগিছা এলেকাৰ ১,০,৬০০০জন লোকৰ বিপৰীতে ৯২০০০ৰো অধিক লোকক টিকাকৰন কৰে। নগৰ আৰু গ্ৰামাঞ্চলৰ ৪,৪৯ ০০০লোকক ক’ভিডৰ টিকাকৰন কৰা হৈছে আৰু ইয়াৰ ভিতৰত ৩,৫১,০০০লোকে ক’ভিডৰ প্ৰথম পালি লাভ কৰিছে বুলি কয়। উপায়ুক্ত গৰাকীয়ে ক’ভিডৰ প্ৰতিষেধক গ্ৰহন কৰিলেও সামাজিক দূৰত্ব, মাস্ক পৰিধান আৰু হাত চেনিটাইজ কৰি ক’ভিডক পৰাভূত কৰাৰ বাবে সকলোকে আহ্বান জনায়।

DA News PlusSonitpur Health DepartmentTake a Good Decision
Comments (0)
Add Comment