অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, নলবাৰী: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ। নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে জিলা ছাত্ৰ সন্থাই। পেট্ৰল- ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰ আৰু যোগান বিভাগৰ চূড়ান্ত ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাই।

প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰ হায়, হায়, অসম চৰকাৰ হায়, হায়, পেট্ৰলিয়াম মন্ত্ৰী হায়, হায়, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰক, পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰক, বি.জে.পি চৰকাৰ হুচিয়াৰ, ৰন্ধন গেছৰ মূল্যবৃদ্ধি হ্ৰাস কৰক, কলাবেপাৰী হুচিয়াৰ, জনবিৰোধী চৰকাৰ হুচিয়াৰ আদি শ্লোগানেৰ প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

প্ৰতিবাদস্থলীত জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক আৰু সাধাৰণ সম্পাদক অক্ষয় ডেকাই কয় যে ক’ভিড মহামাৰীৰ সময়ত এই মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ ওপৰত বেয়াকৈ প্ৰভাৱ পেলাইছে। জীয়াই থাকি পৰিয়াল চলাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাইছে বুলি কয়।

AASU protestDA News PlusNalbari AASU protestProtest against price hike
Comments (0)
Add Comment