ডিজিটেল সংবাদ, গুৱাহাটী: বৃহস্পতিবাৰে ৰাজ্যত ক’ভিড পজিটিভিটী সমান্য বৃদ্ধি। বৃহস্পতিবাৰে ৰাজ্যত ক’ভিড পজিটিভিটীৰ হাৰ ১.৬৫%।
এই দিনটোত ৰাজ্যত নতুনকৈ ১,৯৯২ আক্ৰান্ত হয়। বিপৰীতে ২৭ জনে প্ৰাণ হেৰুৱায়। আক্ৰান্তসকলৰ ভিতৰত কামৰূপ মহানগৰত নতুনকৈ ২৬৩গৰাকী আক্ৰান্ত হয়।
বৃহস্পতিবাৰে সুস্থতাৰ হাৰ ৯৫.৩২%লৈ বৃদ্ধি পায়। এই দিনটোত ১,২০,৯০৮গৰাকীৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয়। আনহাতে, বুধবাৰে পজিটিভিটী হাৰ আছিল ১.৫৪%।