প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি চৰকাৰত পুনৰ দুই পৰিষদক কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি

ডিজিটেল সংবাদ, কোকৰাঝাৰ: প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি চৰকাৰত পুনৰ দুই পৰিষদক কাৰ্যবাহী সদস্য হিচাপে নিযুক্তি। নৱ নিযুক্ত দুই পৰিষদ ক্ৰমে ৱেলছন হাসদা আৰু ধনঞ্জয় বসুমতাৰী।

বৃহস্পতিবাৰে বিটিচি সচিবালয়ত এক অনুষ্ঠানত কাৰ্যবাহী সদস্য হিচাপে শপতগ্ৰহণ কৰে ৱেলছন হাসদা আৰু ধনঞ্জয় বসুমতাৰীয়ে। বিটিচি ৰ মুখ্য সচিব সন্তানু পি ঘটমাৰেয়ে দুয়ো গৰাকীৰ শপত বাক্য পাঠ কৰোৱায়। ইতিমধ্যে ইউ পি পি এল, বিজেপি আৰু জি এছ পি দলৰে যৌথ ভাবে ১৭ গৰাকী কাৰ্যবাহী সদস্যৰে বিটিচি পৰিষদ চৰকাৰ গঠিত হ’ল।

BTCDA News PlusExecutive Member appoint
Comments (0)
Add Comment