ভূত বাংলাত পৰিণত সোণতলীৰ কোটি টকীয়া স্বাস্থ্যকেন্দ্ৰ

ডিজিটেল সংবাদ, দক্ষিণ কামৰূপ: ভূত বাংলাত পৰিণত কোটি টকীয়া স্বাস্থ্যকেন্দ্ৰ। স্বাস্থ্য বিভাগৰ এখন পয়ালগা ছবিয়ে উদঙাইছে চৰকাৰৰ প্ৰকৃত ছবি। বিগত দহ বছৰে স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ কাম সমাপ্ত হৈছিল যদিও আজিকোপতি চিকিৎসক, নাৰ্চ নিয়োগ কৰিব নোৱাৰিলে চৰকাৰৰ স্বাস্থ্য বিভাগে।

দক্ষিণ কামৰূপৰ সোণতলীৰ মালিবাৰী দুৰামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এই অৱস্থাই সকলোৰে দৃষ্টি হৰণ কৰিছে। চৰকাৰৰ অভিলাষী আচঁনিৰ কোটি কোটি টকা খৰচেৰে নিৰ্মাণ কৰা স্বাস্থ্য কেন্দ্ৰটো সম্প্ৰতি ভূত বাংলাত পৰিণত। ২০১১ চনতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা স্বাস্থ্য কেন্দ্ৰটোত আজিলৈকে চিকিৎসক নিয়োগ নকৰাত জহি খহি গৈছে স্বাস্থ্য কেন্দ্ৰটোৰ দুৱাৰ, খিৰিকী, চিলিং, ৱাল আদি। সম্প্ৰতি নলা-নৰ্দমাত পৰিণত স্বাস্থ্য কেন্দ্ৰটোৰ ভিতৰ ভাগ। কেন্দ্ৰটোৰ ইমানেই বিধ্বস্ত ৰূপৰ পৰ্যায় পাইছে গৈ যে কেন্দ্ৰটোৰ চৌহদ বৰ্তমান গৰু চৰণীয়া পথাৰত পৰিণত। উল্লেখনীয় যে, অঞ্চলটোত উন্নত চিকিৎসাটো বাদেই আন সাধাৰণ চিকিৎসা কৰিবলৈও কোনো ব্যৱস্থা নথকাত ২০ পৰা ৩০ কিঃ মিঃ পৰ্যন্ত দূৰলৈ লৈ যাব লগা হয় মুমুৰ্খ অৱস্থাৰ ৰোগীসকলক।

সাম্প্ৰতিক সময়ত সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ক’ভিডৰ সংখ্যা দিনক দিনে বৃদ্ধি হোৱাত স্বাস্থ্য বিভাগে আগতীয়াকৈ অস্থায়ীভাৱে ক’ভিড ৰোগীসকলৰ বাবে বিশেষ ব্যৱস্থা কৰা দেখা গৈছে। তেনে সময়তে দক্ষিণ কামৰূপৰ সোণতলী, গৰৈমাৰী, মালিবাৰী অঞ্চলত ক’ভিড চিকিৎসালয় নথকাৰ পিছতো কিয় সদব্যৱহাৰ কৰিব পৰা নাই এই চিকিৎসালয়খনৰ?

Bad ConditionDA News PlusSontoli Health Centre
Comments (0)
Add Comment