শিৱসাগৰৰ গেলেকীত কৃষকৰ হাহাকাৰ,নাগালেণ্ডৰ কয়লা খননৰ প্ৰভাৱ অসমৰ মাটিত

ডিজিটেল ডেস্ক : নাগালেণ্ডত কয়লা খননৰ ফলশ্ৰুতিত শিৱসাগৰৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী গেলেকীৰ চৰাইসজীয়া অঞ্চলৰ কৃষকলৈ নামি আহিছে চৰম ভাবুকি। ১৫-২০ বছৰ ধৰি গেলেকীৰ চৰাইসজীয়া অঞ্চলত ছন পৰি ৰৈছে প্ৰায় ১৩২ বিঘা কৃষিভূমি। বৰ্তমান কৃষকে মূৰে কপালে হাত দিব লগীয়া হৈছে।

নাগালেণ্ডত কয়লা খননৰ ফলত উৎপাদিত বিষাক্ত গেছ নাগালেণ্ডৰ পৰা বৈ অহা দৈ খনা নৈৰ পানীত বোকা আৰু আৰু পানী মিহলি হৈ ১৩২ বিঘাকৈ কৃষি ভূমিক প্ৰভাৱিত কৰাত উৰ্বৰতা নোহোৱা হৈছে মাটিখিনিৰ ৷ আনহাতে ৰাজ্যৰ কৃষি বিভাগেও এইসকল দুৰ্ভগীয়া লোকক সহায় কৰিবলৈ আগবাঢ়ি নহাত বিমোৰত পৰিছে কৃষকসকল ৷

DA News PlusFarmerShivsagar
Comments (0)
Add Comment