চুৰি-ডকাইতিৰে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আতংকৰ সৃষ্টি কৰা ইৰাণী গেঙৰ দুই সদস্য আটক ৷ গুৱাহাটীৰ গড়চুকত মহানগৰ আৰক্ষীৰ সহযোগত আমিনগাঁও আৰক্ষীয়ে চলেৱা অভিযানত আটক হ’ল ইৰাণী গেঙৰ দুই সদস্য ৷ আৰক্ষীৰ জালত পৰিছে ঝাৰখণ্ডৰ নাগেশ্বৰ নুনীয়া আৰু শুভম কুমাৰ মাহাতো ৷
দুই ইৰানী গ্ৰোপৰ সদস্যক আমিনগাও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে এগৰাকী মহিলা আৰু মুন আলি নামৰ আন এজন লোকক আটক কৰে । নাগেশ্বৰ নুনিয়াৰ লগত টেলিফ’নিক যোগাযোগ থকাৰ বাবেই মুন আলি আৰু মহিলা গৰাকীক আটক কৰে আমিন গাঁও আৰক্ষীয়ে । মঙলবাৰে আটক কৰা দুই অভিযুক্তক পিছত ৰহস্য জনক ভাৱে এৰি দিয়ে আৰক্ষীয়ে ।
যোৱা ১০ জুলাইত আমিন গাঁও কালভাৰ্টৰ সমীপত কমল বুঢ়াগোঁহাই নামৰ লোকজনৰ এখন স্কুটাৰৰ দিকিৰ পৰা বাইকত অহা চাৰি চিলনী চোৰে ধন লৈ উধাও হৈছিল । বুঢ়াগোহাঁইৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আটক কৰে চিলনী চোৰৰ গেঙক৷ কিন্তু আমিন গাঁৱত সন্ত্ৰাস চলাই অহা ইৰাণী গেঙৰ শিপা উঘলাৰ পুৰ্বে কিয় দুই অভিযুক্তক এৰি দিলে এয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ।