ধিং প্ৰেছ ক্লাবৰ কাৰ্যালয়ত সংবাদকৰ্মীসকলৰ প্ৰতিবাদ,ক’লাবেজ পৰিধান কৰি সাংবাদিকৰ প্ৰতিবাদ

ধিঙৰ শালকাটিত সাংবাদিক আক্ৰমণৰ ঘটনাৰ বিৰোধিতাৰে ধিং প্ৰেছ ক্লাৱৰ সদস্যসকলৰ  প্ৰতিবাদ। ধিং প্ৰেছ ক্লাৱৰ কাৰ্যালয়ত সংবাদকৰ্মীসকলে ক’লাবেজ পৰিধান কৰি সাংবাদিক আক্ৰমণৰ ঘটনাৰ লগত জড়িত ব্যক্তিক শীঘ্ৰে আটক কৰি উপযুক্ত শাস্তি বিহাৰ দাবী তোলে৷ প্ৰতিবাদকাৰীসকলে সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰো দাবী তোলে।

১১ জুলাইত ধিঙৰ শালকাটিত আৰক্ষীৰ এনকাউণ্টাৰত জয়নাল আবেদিনৰ বাতৰি সংগ্রহৰ বাবে যোৱা ধিঙৰ দুই সাংবাদিক ক্ৰমে ইছামুদ্দিন আহমেদ আৰু দ্বীপজ্যোতি কাকতিক জয়নাল আবেদিনৰ আত্মীয়ই প্ৰহাৰ কৰিছিল ৷ এই ঘটনাৰ প্ৰতিবাদতে বুধবাৰে ধিঙৰ সংবাদ কৰ্মী সকলে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰে।

DA News PlusDhingProtestReporter
Comments (0)
Add Comment