মৰিগাঁৱত কোনে বিক্ৰী কৰিছে কিডনি! আটক এজন

ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা মৰিগাঁৱৰ কিডনি সৰবৰাহ চক্ৰৰ বিৰুদ্ধে এতিয়া সক্ৰিয় হৈছে আৰক্ষী৷ DA NEWS PLUSত এই সম্পৰ্কত বিতংভাৱে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত আৰক্ষীয়ে আটক কৰিছে এই চক্ৰটোৰ এজনক৷ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰাৰ পিছত আটক কৰা হৈছে ৰমেন মেধি নামৰ এজন লোকক৷ পশ্চিম ধৰমতুলৰ পৰা শেহতীয়াকৈ এই চক্ৰটোৱে ব্যাপক হাৰত কিডনি সৰবৰাহ কৰি আহিছিল৷

৪-৫ লাখ টকাত বিক্ৰী কৰা হৈছিল কিডনি৷  এই চক্ৰটোৰে ৰমেন মেধি জড়িত থকাৰ খবৰ পাই গাঁওৰক্ষী বাহিনীয়ে নেলী আৰক্ষী চকীত দিছিল এজাহাৰ৷ ইয়াৰ পিছতে আৰক্ষীয়ে আটক কৰে ৰমেন মেধিক৷

DA News PlusKidneyMorigaonScam
Comments (0)
Add Comment