গাহৰি পালন কৰাৰ বাবেই দুবছৰ ধৰি এঘৰীয়া কৰি ৰাখিলে গাঁওবাসীয়ে

গাহৰি পালন কৰি বিপদত পৰিছে বিপদত পৰিছে লংকাৰ এটা পৰিয়াল। নৱকান্ত নাথ নামৰ ব্যক্তিজনৰ পৰিয়ালটোক দুবছৰ ধৰি এঘৰীয়া কৰি ৰাখিলে বৰমানচু বালিজানৰ গাঁওবাসীয়ে। উল্লেখ্য যে, নিজৰ ঘৰৰ পৰা আঁতৰত ভুক্তভোগী নাথে দুবছৰ আগতে খুলিছিল এখন গাহৰি ফাৰ্ম। এই ফাৰ্ম খুলিয়েই বিপদত পৰিল তেওঁ।

চৰকাৰী চাকৰীলৈ অপেক্ষা নকৰি যুৱকজনে এই ফাৰ্ম খুলিছিল। কিন্তু দুবছৰ ধৰি এঘৰীয়া হৈ থাকিবলগীয়া হোৱা নাথে সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে গাঁওবাসীক।

DA News PlusFamilyLanka
Comments (0)
Add Comment