বিদ্যুতৰ সাধাৰণ উপভোক্তালৈ ১২ লক্ষাধিক টকাৰ বিল

বিদ্যুতৰ সাধাৰণ উপভোক্তালৈ ১২ লাখতকৈ অধিক টকাৰ বিল৷ এনে এক অদ্ভূত কাণ্ড ঘটিছে গোৱালপাৰাৰ দুধনৈত৷ দুধনৈৰ থেকাছু দ্বিতীয় খণ্ডৰ গীতাবালা ৰাভা নামৰ মহিলাগৰাকীৰ আহিছে এনে এখন বিল৷

৮ জুলাই এই মহিলাগৰাকীলৈ আহিল ১২ লাখ ২৮ হাজাৰ ৮২৬ টকাৰ এখন বিল৷ এই বিল দেখি হতভম্ব হৈ পৰিছে মহিলাগৰাকী৷ মে’ মাহত মহিলাগৰাকীয়ে পৰিশোধ কৰিছিল ১৮১ টকা৷ পিছে জুনৰ বাবে আহিল এই আজৱ বিলখন৷

DA News PlusDudhnoiElectricity Bill
Comments (0)
Add Comment