নগাঁৱৰ এখন ৰেষ্টুৰেন্টত ক’ভিড প্ৰটক’ল ভংগ কৰি দুপৰ নিশালৈকে চলিল নৈশ পাৰ্টি

ডিজিটেল সংবাদ, নগাঁও: ক’ভিড প্ৰটক’ল ভংগ কৰি দুপৰ নিশালৈকে চলিল নৈশ পাৰ্টি। আৰক্ষী উপস্থিত হৈ বন্ধ কৰিলে। এই ঘটনা নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ নিচেই সমীপত থকা চপষ্টিক নামৰ ৰেষ্টুৰেন্টৰ। শুকুৰবাৰে নিশা ১১.৩০ বজালৈকে চলিছিল এই নৈশ পাৰ্টি।

আৰক্ষীয়ে এই ঘটনাৰ খবৰ পোৱাৰ পাচতে অভিযান চলাই ৰেষ্টুৰেন্টখনত। কিন্তু আৰক্ষী অহাৰ পূৰ্বেই ৰেষ্টুৰেন্টখনৰ পৰা পলায়ন কৰে কেইবাগৰাকীও লোক। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ বন্ধ কৰে ৰেষ্টুৰেন্টখন। দুপৰ নিশালৈকে নগাঁও চহৰৰ মাজমজিয়াত ৰেষ্টুৰেন্ট খুলি ক’ভিড প্ৰট’কল ভংগ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নগাঁৱত।

তাৰোপৰি, চহৰখনত নিশা ১২ বজা পৰ্যন্ত যান বাহন শাখাৰ আৰক্ষীয়ে কৰ্তব্য পালন কৰাৰ পাছতো কি দৰে দুপৰ নিশালৈকে চপষ্টিক ৰেষ্টুৰেণ্টখনত নৈশ পাৰ্টি চলিল সেয়া এক ৰহস্য হৈ পৰিছে। জিলা প্ৰশাসনে ক’ভিড প্ৰট’কল ভংগ কৰা চপষ্টিক নামৰ ৰেষ্টুৰেণ্টখনৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হব লক্ষণীয়।

DA News PlusNagaon ResturentNight Party
Comments (0)
Add Comment