কামৰূপৰ বাইটাহাটাত বনুৱাৰ ওপৰেৰে বলে’ৰ চলাই নিয়াৰ অপচেষ্টা দুই যুৱকৰ

ডিজিটেল সংবাদ, বাইহাটা চাৰিআলি: কামৰূপৰ বাইটাহাটাত নৃশংস ঘটনা। বনুৱাৰ ওপৰেৰে বলেৰ চলাই নিয়াৰ অপচেষ্টা যুৱকৰ। জালুকবাৰী সমষ্টিৰ ক্ষুদ্ৰপলহাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু গোগ সংযোগী গ্ৰাম্যপথৰ পকীকৰণৰ কাম চলি থকাৰ মাজতে বনুৱাৰ দল এটাক কাম বন্ধ কৰিবলৈ ধমক দিয়ে নিপু আহমেদ আৰু পাপু আহমেদ নামৰ দুজন যুৱকে।

বনুৱাৰ দলটোৱে কাম বন্ধ নকৰাত এই দুই যুৱকে বনুৱাৰ দলটোৰ ওপৰেৰে এখন বলেৰচলাই নিবলৈ অপচেষ্টা কৰে। প্ৰাণ ৰক্ষাৰ বাবে কাম এৰি দৌৰা দৌৰি কৰিবলগীয়া হয় বনুৱাৰ দলটোৱে। এজন বনুৱাৰ ভৰিৰ আঙুলিৰ ওপৰেৰে পাৰ হৈ যায় গাড়ীখন। শিল ছিটিকি পৰি আহত হয় কেইবাজনো বনুৱা। এই অপ কৰ্ম কৰা যুৱক দুজনে ঠিকাদাৰক পাঁচ লাখ টকা দাবী কৰাৰো অভিযোগ উঠিছে। এই দুষ্কাৰ্য সংঘটিত কৰা ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

Baihata Chariali tenseDA News PlusLabor Tense
Comments (0)
Add Comment