বিৰুবালা ৰাভাৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল সংবাদ: শনিবাৰে পদ্মশ্ৰী বিৰুবালা ৰাভাৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অসুস্থ সমাজকৰ্মীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ চিকিৎসাৰ দায়িত্ব ল’লে মুখ্যমন্ত্ৰী শৰ্মাই। যোৱা কিছুদিন ধৰি অসুস্থ হৈ আছে পদ্মশ্ৰী বিৰুবালা ৰাভা।

ইপিনে, পদ্মশ্ৰী বিৰুবালা ৰাভাৰ চিকিৎসাৰ বাবে সহায় হিচাপে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ১ লাখ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণ কালত তেওঁক সংগ দিয়ে মন্ত্ৰী বিমল বৰা, ৰাভা হাচং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা আৰু গোৱালপাৰা জিলাৰ বিধায়কসকল।

AssamBirubala RabhaCMDA News PlusSocial Worker
Comments (0)
Add Comment