আজি কেপ্তেইন কুল মহেন্দ্ৰ সিং ধোনীৰ আজি ৪০ সংখ্যক জন্মদিন

ডিজিটেল ডেস্ক, মুম্বাই: কেপ্তেইন কুল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন কেপ্তেইন মহেন্দ্ৰ সিং ধোনীৰ আজি ৪০ সংখ্যক ওপজা দিন। তেওঁৰ এই দিনটো হেজাৰ হেজাৰ অনুৰাগীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। ১৯৮১ চনৰ ৭ জুলাই তাৰিখে ঋাৰণ্ডৰ ৰাচীত জন্ম লাভ কৰা ধোনীৰ দেউতাকৰ নাম পান সিং আৰু  মাকৰ নাম দেবকী দেবী। ধোনীয়ে ৰাচীৰ দেব জৱাহাৰ বিদ্যা মন্দিৰ বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল। স্থানীয় ক্লাৱত গোলকিপাৰ হৈ ফুটবল খেলাৰ লগতে ক্ৰিকেট খেলতো অংশগ্ৰহন কৰিছিল ধোনীয়ে।

হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত ধোনীয়ে ক্ৰিকেটত অধিক গুৰুত্ব দিয়ে। ২০০৪ চনৰ ডিচেম্বৰত বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত মাহিয়ে আত্মপ্ৰকাশ কৰে। ২ ডিচেম্বৰ ২০০৫ত শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁৰ টেষ্টত অভিষেক ঘটা ধোনী শ্ৰেষ্ঠ ফিনিচাৰ হিচাপে খ্যাত হৈ পৰে। ১ ডিচেম্বৰ ২০০৬ চনত দক্ষিন আফ্ৰিকাৰ বিৰুদ্ধে হোৱা টি-২০ত আত্মপ্ৰকাশ কৰে ধোনীয়ে।

ধোনীৰ নেতৃত্বতে ২০০৭ চনৰ টি-২০ বিশ্বকাপ, ২০০৭-০৮ চনৰ চিবি ছিৰিজ, ২০১০ চনৰ এচিয়া কাপ,২০১১ চনৰ এদিনীয়া বিশ্বকাপৰ লগতে ২০১৩ চনৰ আই চি চি চেম্পিয়নছ ট্ৰফীৰ খিতাপ অৰ্জন কৰে। ২০১১ চনৰ বিশ্বকাপৰ ফাইনেলত ধোনীয়ে ৭৯ বলত অপৰাজেয় ৯১ ৰাণ কৰি ‘মেন অৱ দ্য মেচ’ৰ সন্মান লাভ কৰাৰ লগতে ভাৰতীয় দলক জয়ৰ ক্ষেত্ৰত বিশেষ অৰিহনা যোগায়।

BirthdayDA News PlusMS Dhoni
Comments (0)
Add Comment