বলীউডৰ কিংবদন্তি অভিনেতা দিলীপ কুমাৰৰ দেহাৱসান

ডিজিটেল ডেস্ক, মুম্বাই: বলীউডৰ কিংবদন্তি অভিনেতা দিলীপ কুমাৰ আৰু নাই। বুধবাৰে পুৱা মুম্বাইৰ হিন্দুজা হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান অভিনেতাগৰাকীয়ে। শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে যোৱা ৩০ জুনত দিলীপ কুমাৰক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়খনত। অৱশেষত বুধবাৰে মৃত্যুৰে হাৰ মানে অভিনেতাগৰাকীয়ে।

পুৱা ৭.৩০ বজাত স্বাস্থ্যৰ অধিক অবনতি হোৱাত মৃত্যুবৰণ কৰে অভিনেতাজনে। মৃত্যুৰ সময়ত দিলীপ কুমাৰৰ বয়স আছিল ৯৮ বছৰ। বলীউডত ৬ দশক ধৰি বলিষ্ঠ অভিনয়েৰে কোটি কোটি দৰ্শকৰ হৃদয় জয় কৰা অভিনেতাজনৰ মৃত্যুত মৰ্মাহত হৈছে সকলো অনুৰাগী। ‘দেবদাস’, ‘নয়া দৌৰ’, ‘মুগলে আজম’, ‘ক্ৰান্তি, গংগা-যমুনা’কে ধৰি ৬৫খন বলীউডৰ ছবিত অভিনয় কৰিছিল দিলীপ কুমাৰে। দাদা চাহেব ফাল্কে, পদ্মভূষণ, পদ্ম বিভূষণ আদিৰে আঠবাৰকৈ ফিল্ম ফেয়াৰৰ শ্ৰেষ্ঠ অভিনেতা বঁটাকে ধৰি বহু সন্মানেৰে সন্মানিত হৈছিল কিংবদন্তি অভিনেতাগৰাকী।

DA News PlusDilip Kumar Passed WayVeteran Actor Passed Away
Comments (0)
Add Comment