চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে এইবাৰ শিশুৰ প্ৰতিবাদ

চন্দ্ৰপুৰত জিএমচিয়ে স্থাপন কৰিবলৈ লোৱা ডাম্পিং গ্ৰাউণ্ডক লৈ বৰ্তমানো অব্যাহত আছে প্ৰতিবাদ৷ এইবাৰ ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে প্ৰতিবাদত নামিল কণ কণ শিশুসকল৷

হাতে হাতে প্লে কাৰ্ড লৈ চন্দ্ৰপুৰৰ পৰিৱেশ ধ্বংস নকৰিবলৈ চৰকাৰক আহ্বান জনালে এইসকল শিশুৱে৷ ক’ভিডৰ ভয়-শংকাৰ মাজতো চন্দ্ৰপুৰৰ বেংক তিনিআলিত শিশুসকলে আমাক উশাহ লৈ থাকিবলৈ দিয়ক লগতে আমাৰ গছ-গছনি, আমাৰ সেউজীয়া শেষ কৰি নেপেলাব বুলি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে৷

ChandrapurDA News PlusDumping Ground
Comments (0)
Add Comment