আৰক্ষীৰ নাক কাটিলে চোৰে! থানা চৌহদৰ পৰা হেৰাল বাইক

এশাৰি প্ৰবচন আছে৷ কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেক বাঘৰ গাল৷ পিছে প্ৰবচনফাকি আমি ন-কৈ উপস্থাপন কৰিব বিচাৰিছোঁ৷ কালৰো কাল বিপৰীত কাল, চোৰে চেলেকে পুলিচৰ গাল৷ প্ৰবচনফাকি এইদৰে উপস্থাপন কৰাৰ আঁৰৰ কাহিনী শুনিলে আপুনিও মানি ল’ব আমি ঠিকেই কৈছোঁ৷ কাৰণ, স্মাৰ্ট অসম আৰক্ষীৰ স্মাৰ্টনেছ উদঙালে চোৰে৷

আৰক্ষী থানা চৌহদৰ পৰা চোৰে নিলে বাইক৷ হয়, আপুনি ঠিকেই শুনিছে৷ তামুলপুৰ আৰক্ষী থানাত ঘটিছে এই ঘটনা৷ অসম আৰক্ষীক অপৰাধীয়ে ভয় কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ দিনটোতে পোহৰলৈ আহিছে এই লজ্জাজনক ঘটনা৷ ঘটনাটোৰ সৱিশেষ এতিয়া আপোনাক জনাম৷

কিছুদিন পূৰ্বে তামুলপুৰৰ এঘাৰ মাইলত হোৱা এটা সাধাৰণ পথ দুৰ্ঘটনাৰ পিছত আৰক্ষীয়ে AS-28 A-8915 আৰু AS-01 BD-8124 নম্বৰৰ বাইক দুখন তামুলপুৰ থানালৈ লৈ আনিছিল। সোমবাৰে সম্পূৰ্ণ নথি-পত্ৰ লগত লৈ বাইকৰ মালিকপক্ষই বাইক দুখন নিবলৈ আহে থানালৈ। তেতিয়াই ওলাই পৰে উৰহি গছৰ ওৰ।

দুৰ্ঘটনাগ্ৰস্ত বাইক দুখনৰ AS-28 A-8915 নম্বৰৰ R15 বাইকখন তামুলপুৰ আৰক্ষী থানাৰ চৌহদৰ পৰাই লৈ গ’ল মৰসাহী চোৰে। ২৪ ঘন্টাই থানা চৌহদত পহৰাৰ ব্যৱস্থা থাকে৷ কিন্তু তাৰ পিছতো কেনেকৈ সংঘটিত হ’বলৈ পালে এই লজ্জাজনক চুৰিকাণ্ড৷ চুৰিৰ ঘটনাটো গাপ দি মুখলজ্জা ধকাৰ এতিয়া চেষ্টা কৰিছে আৰক্ষীয়ে৷

এতিয়া প্ৰশ্ন হৈছে আৰক্ষী থানাত চোৰ সোমাল, নে থানাখনৰ কোনো আৰক্ষীয়েই চুৰি কাণ্ডত জড়িত৷ আৰক্ষীৰ নাক কাটি চোৰে নিয়া বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হ’বনে তামুলপুৰ আৰক্ষী? নে তদন্ত কৰিলে আকৌ আৰক্ষীৰে নাক কটা যাব, সেয়াহে হৈছে ডাঙৰ প্ৰশ্ন৷

Assam Breaking NewsAssam PoliceDA News PlusTamulpurThief
Comments (0)
Add Comment