SP আনন্দ মিশ্ৰৰ বিৰুদ্ধে নগাঁৱত জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ এজন যুৱকৰ৷ হেলমেট পৰিধান নকৰাৰ বাবে SP মিশ্ৰই যুৱকজনক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে৷ ছিণ্ডিকেট, ড্ৰাগ্ছৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই জনপ্ৰিয়তা লাভ কৰা SP আনন্দ মিশ্ৰই আইন নিয়ন্ত্ৰণৰ নামত গুণ্ডাগিৰিত নমাৰো অভিযোগ একাংশৰ৷

ৰূপহীত আনন্দ মিশ্ৰ বাহিনীয়ে এজন যুৱকজনক প্ৰহাৰ কৰা ঘটনাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ দেওবাৰে পুৱা পার্থ প্ৰতিম বৰা নামৰ যুৱকজনে দেউতাকৰ ঔষধ কিনিবলৈ ওলাই আহিছিল।

যুৱকজনে হেলমেট পৰিধান নকৰাৰ বাবে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আৰু তেওঁৰ বাহিনীয়ে যুৱকজনক ফাইন কটাৰ পৰিৱৰ্তে মাৰপিট কৰাৰ অভিযোগ উঠিছে৷ আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হোৱা যুৱকজনক ন্যায় দিয়াৰ দাবী স্থানীয় দল-সংগঠনৰ৷

Assam PoliceDA News PlusNagaonProtestSP
Comments (0)
Add Comment